পথৰ কুকুৰে কামুৰিলে দায়ী হ’ব খাদ্য দিয়া লোকঃ কেৰালা–মহাৰাষ্ট্রত বহু কুকুৰ হত্যাৰ নির্দেশ ছুপ্রিম ক’ৰ্টৰ

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ পথৰ গৰাকীবিহীন কুকুৰে কোনো লোকক কামুৰিলে তেনে কুকুৰক নিয়মিতভাৱে খাদ্য দিয়া লোকসকল দোষী সাব্যস্ত হ’ব৷ কালি এই কথা ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে৷ ইয়াৰ লগতে দেশৰ শীর্ষ আদালতখনে এইবুলিও উল্লেখ কৰে যে গৰাকীবিহীন কুকুৰৰ টিকাকৰণৰ দায়িত্বও নিয়মিতভাৱে খাদ্য দিয়া লোকসকলে গ্রহণ কৰিব লাগিব৷ কেৰালা তথা মহাৰাষ্ট্রসহ ভাৰতৰ বিভিন্ন ৰাজ্যত পাগল হোৱা কুকুৰবোৰ মাৰি পেলোৱাৰ নির্দেশ দিছে স্থানীয় পৌৰ সভাই৷ সেই নির্দেশ সম্পর্কীয় এক গোচৰৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে গৰাকীবিহীন কুকুৰক খাদ্য দিয়া লোকসকল শাস্তি পাবৰ যোগ্য বুলি ইংগিত দিছে৷ শীর্ষ আদালতখনে এই কথাও জনাইছে যে জন নিৰাপত্তা তথা পশু অধিকাৰৰ মাজত এক ক্ষমতা অক্ষত ৰাখি চলিব লাগিব৷ শীর্ষ আদালতখনৰ বিচাৰপতি সঞ্জীৱ ছান্না আৰু জেকে মহেশ্বৰী বিচাৰপীঠে শুনানিত এই বিষয়টোত অধিক গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হ’ল৷ বিচাৰপতি খান্নাই উল্লেখ কৰে যে অধিকসংখ্যক লোকেই কুকুৰপ্রেমী৷ গতিকে, কুকুৰবোৰক বহু লোকে মৰমতে খাদ্য দিয়ে৷ কিন্তু বাকী দায়িত্ব গ্রহণ নকৰে৷ এতিয়াৰ পৰা কুকুৰৰ ৰক্ষণাবেক্ষণৰ দিশটোত গুৰুত্ব দিব লাগিব খাদ্য দিয়া লোকসকলে৷

Featured