২০২৬ৰ ৩১ মার্চৰ পূর্বে উৎখাত হ’ব মাওবাদ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ ছেপ্টেম্বৰঃ ২০২৬ চনৰ মার্চৰ পূর্বে দেশৰ পৰা নিশ্চিহ্ণ হ’ব মাওবাদ এইবাৰ একেই দাবী পুনৰ কৰিলে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী অমিত শ্বাহে৷ মাওবাদীৰ হাতত নিহত ৫৫জন লোকৰ পৰিয়ালৰ খবৰ লৈ অমিত শ্বাহে কয় যে অবিলম্বে আত্মসমর্পণ নকৰিলে শীঘ্রে মাওবাদীবোৰক নিঃশেষ কৰিবলৈ ‘অল আউট’ অভিযান আৰম্ভ কৰা হ’ব৷ লক্ষণীয়ভাৱে আত্মসমর্পণ কৰিলে মাওবাদী সদস্যক চাকৰিৰ সংস্থান দিয়াৰ উপৰি স্বাস্থ্যসহ যাৱতীয় দায়িত্ব ৰাষ্ট্রই বহন কৰিব বুলিও মন্তব্য কৰে শ্বাহে৷ আজি প্রসংগক্রমে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী দেশৰ পৰা মাওবাদী সন্ত্রাসৰ লগতে মাওবাদী চিন্তাধাৰাক সম্পূর্ণৰূপে নিশ্চিহ্ণ কৰিবলৈ বদ্ধপৰিকৰ৷ ২০২৬ চনৰ ৩১ মার্চ এই দেশ মাওবাদৰ অন্তিম দিন হ’ব বুলি দাবী কৰিছে শ্বাহে৷ তাৰ পূর্বেই দেশৰপৰা মাওবাদীসকলক নির্মূল কৰিব বুলি শ্বাহে হুংকাৰ দিছে৷ উল্লেখনীয় যে বিগত সময়ছোৱাত মাওবাদীৰ বিৰুদ্ধে অভিযানত বিশেষ সফলতা লাভ কৰিছে নিৰাপত্তা বাহিনীয়ে৷ এতিয়া মাত্র চত্তিশগড়ত চাৰিখন জিলাত অস্তিত্ব আছে বুলি শ্বাহে মন্তব্য কৰে৷ এসময়ত নেপালৰ পশুপতিনাথৰ পৰা অন্ধ্রপ্রদেশৰ তিৰুপতিলৈকে মাওবাদীৰ কৰিড’ৰ আছিল বুলি মন্তব্য কৰি শ্বাহে কয় যে মোদী চৰকাৰে মাওবাদীৰ এই কৰিড’ৰ ভাঙি পেলাইছে৷ স্মর্তব্য যে যোৱা মাহতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে চত্তিশগড়ত আন্তঃৰাজ্য সমন্বয় বৈঠকত অমিত শ্বাহে মাওবাদীৰে মোকাবিলা কৰিবলৈ কেন্দ্রীয় চৰকাৰে বিভিন্ন পৰিকল্পনা গ্রহণ কৰা বুলি ঘোষণা কৰিছিল৷

Featured