ৰাম মন্দিৰ দৰ্শনত ভক্তৰ সুবিধাৰ্থে নতুন বিমান পথ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ ৰাম মন্দিৰ উদ্বোধনৰ পিছত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহুসংখ্যক ভক্তই উত্তৰ প্ৰদেশৰ অযোধ্যাত উপস্থিত হৈছে। অযোধ্যালৈ যাবলৈ বিমান সংযোগৰ প্ৰসাৰৰ প্ৰচেষ্টাত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এটা ডাঙৰ পদক্ষেপ ল’বলৈ ওলাইছে। অযোধ্যালৈ তীৰ্থযাত্ৰীৰ আগমনৰ সুবিধাৰ বাবে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ১ ফেব্ৰুৱাৰীৰ পৰা ৮টা নতুন বিমান পথ আৰম্ভ কৰিবলৈ সাজু হৈছে। এই নতুন বিমান পথসমূহে অযোধ্যাক দিল্লী, চেন্নাই, আহমেদাবাদ, জয়পুৰ, পাটনা, দৰভংগা, মুম্বাই আৰু বেংগালুৰুৰ সৈতে সংযোগ কৰিব। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই এই বিমান সেৱাসমূহ উদ্বোধন কৰিব আৰু নতুন পথত স্পাইচ জেট বিমান উৰণ কৰিব। শেহতীয়াকৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে অযোধ্যাৰ পৰা বেংগালুৰু আৰু কলকাতালৈ নতুন পথ ঘোষণা কৰিছিল, সেই অনুসৰি ১৭ জানুৱাৰীৰ পৰা নতুন পথ আৰম্ভ কৰা হৈছিল। এই পথসমূহত প্ৰত্যক্ষ বিমান সেৱা চলাই আছে বিমান সংস্থাটোৱে। যোৱা ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত নৱনিৰ্মিত মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিছিল। অযোধ্যাৰ বিমানবন্দৰ নিৰ্মাণৰ কাম ভৱিষ্যতে এই ধৰ্মীয় চহৰখনত সমৱেত হ’বলগীয়া ভক্তৰ ভিৰক মনত ৰাখি সম্পন্ন কৰা হৈছে। এই বিমানবন্দৰটো ৩৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বহুবাৰ কৈছে যে অযোধ্যাক বিশ্বৰ আটাইতকৈ ভৱিষ্যৎ তীৰ্থযাত্ৰা পৰ্যটনস্থলী হিচাপে গঢ়ি তোলা হৈছে। ১২ জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছিল যে ২২ জানুৱাৰীত ৰামলালাৰ অভিষেকৰ পিছত অযোধ্যাই বিশ্ব পৰ্যটন মানচিত্ৰত আটাইতকৈ উন্নত আৰু ভৱিষ্যৎ পৰ্যটন কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব।

Featured