মল্লিকাৰ্জুন খাৰ্গে-জয়ৰাম ৰমেশলৈ আইনী জাননী নীতিন গাডকাৰিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ মাৰ্চঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু সাধাৰণ সম্পাদক জয়ৰাম ৰমেশলৈ আইনী জাননী প্ৰেৰণ কৰিছে। এই জাননী গাডকাৰিয়ে প্ৰেৰণ কৰিছে কাৰণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিষয়ে আপত্তিজনক বিষয়বস্তু কংগ্ৰেছৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছিল। কেৱল এয়াই নহয়, দুয়োজন জ্যেষ্ঠ কংগ্ৰেছ নেতালৈ প্ৰেৰণ কৰা জাননীত তেওঁলোকক লিখিতভাৱে ক্ষমা খুজিবলৈও কোৱা হৈছে। নীতিন গাডকাৰিৰ অধিবক্তা বালেন্দু শেখৰে কয় যে এটা নিউজ পৰ্টেলক দিয়া সাক্ষাৎকাৰৰ পৰা ১৯ ছেকেণ্ডৰ এটা ক্লিপ উঠাই লোৱা দেখি বিজেপি নেতাগৰাকী আচৰিত হৈছিল। এই ক্লিপটোত কোৱা কথাবোৰৰ প্ৰসংগ আৰু অৰ্থ লুকাই থাকিল। জাননীখনত লিখা আছিল, ‘নীতিন গাডকাৰীৰ সাক্ষাৎকাৰটো বিকৃত কৰি তাৰ পিছত পোষ্ট কৰা হৈছিল। এই ভিডিঅ’টোৰ অৰ্থ লুকুৱাই ৰখা হৈছে। হিন্দী কেপচনৰ এটা অংশৰ সৈতেও ইচ্ছাকৃতভাৱে একেই কাম কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী জনাইছে যে প্ৰথমে এক্সৰ পৰা ভিডিঅ’টো আঁতৰাই তাৰ পিছত তিনি দিনৰ ভিতৰত লিখিতভাৱে ক্ষমা বিচাৰিব লাগে। আইনী জাননীখনত লিখা আছিল, এই আইনী জাননীত তৎক্ষণাত এক্সৰ পৰা পোষ্টটো আঁতৰাবলৈ কোৱা হৈছে। আইনী জাননী পোৱাৰ পিছত যিকোনো পৰিস্থিতিত পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰত পোষ্টটো আঁতৰাই পেলাব লাগে। লগতে তিনি দিনৰ ভিতৰত লিখিত ক্ষমা বিচাৰিব লাগে। জাননীখনত আৰু কোৱা হৈছে যে, ‘যদি এইটো কৰা নহয়, তেন্তে আপোনাৰ বিপদ আৰু খৰচত সকলো দেৱানী আৰু অপৰাধমূলক কাৰ্য্যৰ আশ্ৰয় লোৱাৰ বাহিৰে আন কোনো বিকল্প নাথাকিব।’ আনকি গাডকাৰিৰ অধিবক্তাই এই ভিডিঅ’টো শ্বেয়াৰ কৰি বিজেপিৰ ভিতৰত আভ্যন্তৰীণ যুঁজৰ সৃষ্টি কৰা বুলিও দাবী কৰে।

Featured