দেশত প্ৰধানমন্ত্ৰী পদ খালী নাই : ৰবিশংকৰ প্ৰসাদ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা নীতিশ কুমাৰে পদত্যাগ কৰিছে। তাৰ পিছতে কিছু প্ৰশ্নৰ অৱতাৰণা কৰিছে সাংসদ ৰবিশংকৰ প্ৰসাদে। তেওঁ কয় যে যিগৰাকী ব্যক্তিয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্ব লব বিচাৰিছিল, সেইগৰাকী নেতাই INDIA মিত্ৰতাৰ কোনো ভৱিষ্যত নাই বুলি কৈছে? আচৰিত কথা। কিন্তু ৰবিশংকৰ প্ৰসাদৰ গুৰুত্বপূৰ্ণ মন্তব্য- দেশত প্ৰধানমন্ত্ৰীৰ পদ খালী হোৱা নাই। লোকসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় লাভ কৰিব আৰু বিহাৰৰ ৪০খন আসনৰ ভিতৰত বিজেপি-এনডিএ লাভ কৰিব ৪০খন আসন। ইফালে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সাংসদ নিত্যানন্দ ৰায়ে কয়, ‘আজি বিহাৰৰ বাবে এক গুৰুত্বপূৰ্ণ দিন… এতিয়া বিহাৰে উন্নয়নৰ পথত আগবাঢ়িব আৰু বিহাৰৰ আটাইকেইখন লোকসভাৰ আসনতে আমি জয়ী হ’ম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ’ব PM… তৃতীয়বাৰৰ বাবে।” ৰাজ্যপাল ৰাজেন্দ্ৰ ভি আৰ্লেকাৰক পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত নীতিশ কুমাৰে কয়, ‘পূৰ্বৰ মিত্ৰজোঁট (ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট) ত্যাগ কৰি আমি নতুন মিত্ৰতা গঠন কৰিছিলোঁ যদিও তাত চৰ্ত সঠিক যেন নালাগিল। মানুহে যি ধৰণৰ দাবী আৰু মন্তব্য কৰি আছিল, সেইবোৰ দলৰ নেতাসকলৰ বাবে বেয়া যেন লাগিছিল, গতিকে আজি আমি পদত্যাগ জমা দিলোঁ আৰু বিদায় ললোঁ।” সাংবাদিকসকলে যেতিয়া তেওঁক এন ডি এত যোগদান কৰাৰ পিছত তেওঁক “সুযোগবাদী” বুলি অভিযোগ উত্থাপন কৰা হৈছে বুলি সোধাত তেওঁ ইণ্ডিয়া মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ কথা উল্লেখ কৰি উত্তৰ দিলে, আৰু কয়, আমি মিত্ৰতা কৰিলোঁ। কিন্তু কোনেও কোনো কাম কৰা নাছিল… গতিকে আমি কথা কোৱা বন্ধ কৰি দিলোঁ। ইণ্ডিয়া এলায়েঞ্চ ত্যাগ কৰি পুনৰ এন ডি এত যোগদান কৰা নীতিশ কুমাৰৰ সন্দৰ্ভত বিহাৰ কংগ্ৰেছে কয় যে ৰাজ্যবাসীয়ে তেওঁৰ বিশ্বাসঘাতকতাক কেতিয়াও ক্ষমা নকৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ক লৈ ভয় খাইছে আৰু ইয়াৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাজনৈতিক নাটকৰ সৃষ্টি কৰা হৈছে।

Featured