ছাত্রী নিৱাসৰ বাথৰুমত গোপন কেমেৰাত বন্দী ৩ শতাধিক অশ্লীল ভিডিঅ’

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ আগষ্টঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালত তৰুণী চিকিৎকক ধর্ষণ আৰু হত্যাকাণ্ডক লৈ দেশজুৰি উত্তাল প্রতিবাদ হোৱাৰ সময়তে অন্ধ্রপ্রদেশৰ ছাত্রী নিৱাসত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ অন্ধ্রপ্রদেশৰ কৃষ্ণা জিলাৰ এছ আৰ গুড়লাভেল্লৰু অভিযান্ত্রিক মহাবিদ্যালয়ৰ ছাত্রী নিৱাসৰ ৱাছৰূমত গোপন কেমেৰা সংস্থাপন কৰি তাৰ দ্বাৰা ভিডিঅ’ প্রস্তুত কৰি বিক্রী কৰা ঘটনা পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতেই মহাবিদ্যালয়ৰ ছাত্রীসকলে ন্যায় বিচাৰি তীব্র প্রতিবাদ সাব্যস্ত কৰি অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে৷ ছাত্রী নিৱাসত থকা ছাত্রীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে এই অপকর্মত জড়িত অসাধু ব্যক্তিক গ্রেপ্তাৰৰ দাবী তুলি তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ পাছত আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰে৷ ছাত্রী নিৱাসৰ ৱাছৰূমত সংস্থাপন কৰা গোপন কেমেৰাৰ লগত জড়িত বিজয় নামৰ এজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ধৃত অভিযুক্ত বিজয়ৰ হাতত থকা লেপটপত ৩০০তকৈ অধিক অশ্লীল ভিডিঅ’ আৰু ফটো আৰক্ষীয়ে প্রত্যক্ষ কৰিছে৷ এই জব্দকৃত লেপটপৰ অশ্লীল ভিডিঅ’ মহাবিদ্যালয়ৰে আন শিক্ষার্থীক ধনৰ বিনময়ত বিক্রী কৰা বুলিও আৰক্ষীয়ে ধৃত বিজয়ৰ স্বীকাৰোক্তিৰ ভিত্তিত জানিব পাৰিছে৷ ছাত্রী নিৱাসৰ ৱাছৰূমত কিদৰে গোপন কেমেৰা সংস্থাপিত কৰিব পাৰিলে, তাক লৈ প্রশ্ন উত্থাপন হৈছে৷

Featured