ছুপ্ৰিম কৰ্টৰ ন্যায়াধীশ হিচাপে শপতগ্ৰহণ এন কোটিশ্বৰ সিং-আৰ. মহাদেৱনৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুলাইঃ আজি উচ্চতম ন্যায়ালয়ৰ বাবে আছিল এক অতি বিশেষ দিন। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ আৰ. মহাদেৱনে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে তেওঁক শপত গ্ৰহণ কৰায়। ইয়াৰ উপৰি জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নংমাইকাপাম কোটিশ্বৰ সিঙেও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। চন্দ্ৰচূড়ে তেওঁলোকক শপতবাক্য পাঠ কৰায়। ন্যায়াধীশ সিং আৰু মহাদেৱনে শপত গ্ৰহণ কৰাৰ পিছত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাব।

Featured