আমেথি-ৰায়বেৰেলীত প্ৰাৰ্থিত্ব ঘোষণাৰ বাবে সংকটত কংগ্ৰেছ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ দুখন হাই প্ৰফাইল আসন আমেথি আৰু ৰায়বেৰেলীত ছাচপেন্স অব্যাহত আছে। মনোনয়নৰ বাবে মাত্ৰ দুদিন বাকী থকাৰ সময়তে কংগ্ৰেছে এতিয়াও নিজৰ প্ৰাৰ্থীৰ সিদ্ধান্ত ল’ব পৰা নাই। ৰাহুল-প্ৰিয়ংকা গান্ধীৰ নাকচ কৰাৰ পিছত এই আসনসমূহৰ প্ৰাৰ্থী নিৰ্ণয় কৰাটো দলৰ বাবে কঠিন হৈ পৰিছে। সকলোৰে মনত প্ৰশ্ন হয় অৱশেষত আমেথি আৰু ৰায়বেৰেলীৰ আসনৰ প্ৰাৰ্থী কোন হ’ব? ইফালে, মনোনয়নৰ কাউণ্টডাউন শেষ হোৱাৰ মাজতে কংগ্ৰেছে নতুন সময়সীমা নিৰ্ধাৰণ কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দলৰ হৈ সংবাদ মেল অনুষ্ঠিত কৰি এই দুয়োখন আসনত প্ৰাৰ্থী ঘোষণা কৰিব বুলি স্পষ্ট কৰি দিয়ে। অহা ২৪ ঘণ্টাৰ ভিতৰত প্ৰাৰ্থী ঘোষণা কৰা হ’ব বুলিও তেওঁ কয়।

Featured