১৯৬২ৰ পাছত ক্রমাৎ তৃতীয়বাৰলৈ শাসনৰ গাদীলৈ অহা প্রথম চৰকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ জুনঃ বিজেপি নেতৃত্বাধীন এনডিএই তৃতীয়বাৰৰ বাবে দিল্লীৰ মচনদ দখল নিশ্চিত হোৱাৰ পাছত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ বিজেপিৰ মুখ্য কার্যালয়ত দলীয় কর্মকর্তাক সম্বোধন কৰে৷ সন্ধিয়া বিপুল হর্ষধ্বনি আৰু পুষ্পবৃষ্টিৰ মাজত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, জ্যেষ্ঠ নেতা অমিত শ্বাহ, ৰাজনাথ সিঙৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কার্যালয়ত প্রৱেশ কৰে৷ হর্ষোল্লাস আৰু মোদী মোদী ধ্বনিৰ মাজত মঞ্চত উপৱিষ্ট হোৱাৰ পাছতে প্রধানমন্ত্রী মোদীক ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে আদৰণি জনাই ভাষণ প্রদান কৰে৷ ৰাষ্ট্রীয় সভাপতি নাড্ডাই তৃতীয়বাৰৰ বাবে নৰেন্দ্র মোদী প্রধানমন্ত্রী হোৱাটো নিশ্চিত বুলি উল্লেখ কৰি অভিনন্দন জ্ঞাপন কৰে৷ ইয়াৰ পাছতে প্রধানমন্ত্রী মোদীয়ে দলীয় নেতা–কর্মীসকলক সম্বোধন কৰি ভাষণ আগবঢ়ায়৷ ভাষণৰ প্রাৰম্ভতে অষ্টাদশ লোকসভা নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে দেশৰ নির্বাচন আয়োগক প্রশংসা কৰি বিৰোধী দলক কঠোৰ সমালোচনা কৰে প্রধানমন্ত্রী মোদীয়ে৷ ভাৰতবিৰোধী শক্তিক আক্রমণৰ লক্ষ্য কৰি লৈ প্রধানমন্ত্রী মোদীয়ে বিজেপি নেতৃত্বাধীন এনডিএৰ জয় ১৪০ কোটি ভাৰতীয়ৰ জয় আখ্যা দিয়ে৷ ১৯৬২ চনৰ পাছত প্রথমবাৰৰ বাবে কোনো এখন চৰকাৰ একেৰাহে তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হোৱা বুলি উল্লেখ কৰি এই জনাদেশৰ বাবে ভোটাৰসকলক অভিনন্দন জনায় প্রধানমন্ত্রীগৰাকীয়্৷ চৰকাৰ গঠন কৰিবলৈ প্রয়োজনীয় ২৭২খন আসন অতিক্রম কৰি বিজেপি নেতৃত্বাধীন এনডিএই চৰকাৰ গঠন কৰাটো নিশ্চিত হোৱাৰ পাছতে প্রধানমন্ত্রী মোদীয়ে পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি আজি মুখ্য কার্যালয়ত উপস্থিত হৈ দলীয় কর্মকর্তাৰ কঠোৰ পৰিশ্রম আৰু ত্যাগক প্রশংসা কৰে৷ দলীয় কর্মকর্তাক সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– দেশবাসীৰ আশীর্বাদৰ বাবেই মই ঋণী হৈ থাকিম৷ এনডিএ চৰকাৰ তৃতীয়বাৰৰ বাবে নিশ্চিত৷ দেশৰ জনতাই বিজেপি আৰু এনডিএৰ প্রতি আস্থা ৰাখিলে৷ এই জয় বিশ্বৰ বৃহত্তম গণতান্ত্রিক জয়৷ আনপিনে, ১৯৬২ চনৰ পাছত প্রথমবাৰৰ বাবে এখন চৰকাৰ ক্রমাগত তৃতীয়বাৰলৈ শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– দুটা কার্যকালত থকাৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে শাসনৰ গাদীলৈ আহিছোঁ৷ অৰুণাচল প্রদেশ, অন্ধ্রপ্রদেশ, ওড়িশা আৰু ছিকিমত কংগ্রেছ নিশ্চিহ্ণ হৈ গ’ল৷ ওড়িশাত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে৷ কেৰালাতো ভাল প্রদর্শন কৰি বিজেপিয়ে এখন আসনত জয়লাভ কৰিছে৷ কেৰালাত আমাৰ কর্মীয়ে অনেক ত্যাগ কৰিলে৷ ইপিনে, প্রয়াত মাতৃক স্মৰণ কৰি প্রধানমন্ত্রী মোদীয়ে আজিৰ এই ক্ষণটোক অতি আৱেগিক ক্ষণ বুলি উল্লেখ কৰি কয় যে মাতৃৰ বিয়োগৰ পাছত তেওঁ প্রথমবাৰ নির্বাচনত ভোট দিছে৷ দেশৰ কন্যা আৰু ভগ্ণীয়ে তেওঁক মাতৃৰ বিয়োগৰ বিষয়ে সুঁৱৰিবলৈ সুযোগেই নিদিলে৷ বিৰোধীক কটাক্ষ কৰি মোদীৰ গেৰাণ্টীয়ে এইবাৰ নির্বাচনত সফলতা দেখুৱাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি প্রধানমন্ত্রীগৰাকীয়্ কয়– আমাৰ বিৰোধীয়ে একেলগে লগ লাগিও বিজেপিৰ সমান আসন দখল কৰিব নোৱাৰিলে৷ মই দেশৰ জনতাক ক’ব বিচাৰিছোঁ যে আপোনালোকে যদি ১০ ঘণ্টাৰ কাৰণে কাম কৰে মোদীয়ে ১৮ ঘণ্টাৰ বাবে কাম কৰিব৷ দেশে ডাঙৰ সিদ্ধান্তৰে নতুন অধ্যায় লিখিব৷ এয়া হৈছে মোদীৰ গেৰাণ্টী৷ এনডিএৰ তৃতীয়টো কার্যকালত সকলো ক্ষেত্রতে দুর্নীতি নির্মূল কৰাত প্রাধান্য দিব বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷ তদুপৰি বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে ভাৰতক গঢ়ি তুলিবলৈ এনডিএ চৰকাৰে পূর্ণাংগ শক্তিৰে কাম কৰি যাব বুলিও কয় প্রধানমন্ত্রী মোদীয়ে৷

Featured