‘এক দেশ এক নির্বাচন’ কেবিনেটত দাখিলৰ পৰিকল্পনা আইন মন্ত্রালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জুনঃ এনডিএ চৰকাৰৰ এশদিনীয়া কর্মসূচী অনুসৰি আইন মন্ত্রণালয়ে উচ্চ পর্যায়ৰ কমিটীয়ে দাখিল কৰা ‘এক দেশ এক নির্বাচন’ৰ প্রতিবেদন কেন্দ্রীয় কেবিনেটত দাখিলৰ পৰিকল্পনা কৰিছে৷ প্রাক্তন ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দৰ নেতৃত্বৰ উচ্চ পর্যায়ৰ কমিটীয়ে ‘এক দেশ এক নির্বাচন’ক লৈ প্রতিবেদন ইতিমধ্যে চলিত বর্ষৰ ১৫ মার্চত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ হাতত দাখিল কৰিছিল৷ এই প্রতিবেদনত লোকসভা নির্বাচনৰ সমান্তৰালকৈ বিধানসভা নির্বাচনৰো অনুমোদন জনোৱা হৈছে৷ উচ্চ পর্যায়ৰ কমিটীখনে এই অনুমোদন কার্যকৰী কৰিবলৈ এটা ৰূপায়ণ গোট গঠনৰো প্রস্তাৱ দিছিল৷ ‘এক দেশ এক নির্বাচন’ৰ অনুমোদন জনোৱা কমিটীখনে নির্বাচন আয়োগক উমৈহতীয়া ভোটাৰ আইডি আৰু ভোটাৰৰ নম্বৰ প্রদানৰো পোষকতা কৰিছে৷ মন কৰিবলগীয়া যে বর্তমান দেশৰ নির্বাচন আয়োগে লোকসভা আৰু বিধানসভা নির্বাচনৰ বাবেহে দায়বদ্ধ৷ স্থানীয় নির্বাচন বিশেষকৈ পৌৰ নিগম আৰু পঞ্চায়ত নির্বাচন ৰাজ্যিক নির্বাচন আয়োগসমূহে পৰিচালনা কৰি আহিছে৷ ‘এক দেশ এক নির্বাচন’ বলৱৎ কৰিবলৈ হ’লে কমিটীখনে ১৮টা সাংবিধানিক সংশোধনৰ অনুমোদন দিছে৷

Featured