ডিঙিত ‘অভিযোগৰ মালা’ পিন্ধি চৰকাৰী কার্যালয়ত প্রতিবাদ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ ছেপ্টেম্বৰঃ ডিঙিত ‘অভিযোগৰ মালা’ পৰিধান কৰি দুর্নীতিৰ বিৰুদ্ধে অভিনৱ প্রতিবাদ৷ জিলা প্রশাসনিক দপ্তৰত প্রৱেশ কৰি মজিয়াত শুই এই প্রতিবাদ কৰিলে এজন ব্যক্তিয়ে৷ মধ্যপ্রদেশত নিমুচ জিলাৰ এই ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ঘটনাৰ ভিডি’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷ এনে প্রতিবাদে অস্বস্তিত পেলাইছে চৰকাৰ আৰু প্রশাসনক৷ চাপত পৰি অভিনৱ প্রতিবাদৰ বিষয়ে বিবৃতি দিবলগীয়া হৈছে নিমুচৰ মহকুমা প্রশাসকে৷ সংবাদ সূত্রই সদৰী কৰা অনুসৰি প্রতিবাদী ব্যক্তিৰ নাম মুকেশ প্রজাপতি৷ মুকেশ কাংকৰিয়া গাঁৱৰ বাসিন্দা৷ গাঁৱৰ মুৰব্বীৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ তুলি বাৰে বাৰে জিলা দণ্ডাধীশৰ কার্যালয়ত অভিযোগ কৰিছিল মুকেশে৷ কিন্তু মুকেশৰ অভিযোগলৈ কোনো গুৰুত্ব দিয়া হোৱা নাছিল৷ কেইবাবছৰো ধৰি এই অভিযোগ দি আহিছিল মুকেশে৷ মুকেশৰ অভিযোগত জিলা দণ্ডাধীশৰ কার্যালয়ে গুৰুত্ব নিদিয়া বাবে মুকেশে অভিনৱ প্রতিবাদৰ পৰিকল্পনা কৰে৷ যিবোৰ দুর্নীতিৰ অভিযোগ তুলি নথিপত্র জমা দিছিল কার্যালয়ত, তাৰ মালা পৰিধান কৰি মুকেশ হাজিৰ হয় জিলা দণ্ডাধীশৰ কার্যালয়ত৷ ভাইৰেল ভিডি’ত দেখিবলৈ পোৱা গৈছে ডিঙি আৰু শৰীৰত অভিযোগৰ নথিৰ মালা ওলমি আছে মুকেশৰ৷ উপস্থিত জনতাৰ এই অভিনৱ প্রতিবাদ দেখি চকু কপালত উঠিছে৷ একাংশই এই দৃশ্যটো কেমেৰাত বন্দীও কৰি ৰাখিছে৷ এই সন্দর্ভত নিমুচৰ মহকুমা প্রশাসক মমতা খেৰেই কয় যে মুকেশে গাঁৱৰ মুৰব্বীৰ বিৰুদ্ধে অভিযোগ কৰিব বিচাৰে৷ আগতেও বহুবাৰ মুকেশে অভিযোগ কৰিছে যদিও জিলা দণ্ডাধীশৰ কার্যালয়ৰ কর্মীৰ নজৰলৈ অহা নাই এই অভিযোগ৷ কিন্তু এইবাৰ এই অভিযোগ পৰীক্ষা কৰি চাইছে পঞ্চায়ত আৰু গ্রামীণ উন্নয়ন বিভাগে৷ মুকেশৰ এনে অভিনৱ প্রতিবাদক একাংশ লোকে প্রশংসা কৰা পৰিলক্ষিত হৈছে৷

Featured