নতুন আইন বলৱতেৰে ন্যায় ব্যৱস্থাৰ নব্য যুগৰ সূচনা

🎯 দেশজুৰি কার্যকৰী ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম

🎯 ভাৰতীয় দণ্ডবিধি, চিআৰপিচি, বিএনএছ’ৰ পৰিৱর্তে তিনি নতুন আইন বলৱৎ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ জুলাইঃ ব্রিটিছ আমোলৰ অপৰাধ আইন অতীত হ’ল৷ ৭৭ বছৰীয়া ভাৰতীয় দণ্ডবিধিসহ তিনিখন আইনৰ পৰিৱর্তে আজিৰে পৰা দেশত বলৱৎ ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সংহিতা আৰু ভাৰতীয় সাক্ষ্য অনিয়ম৷ আইন কার্যকৰি হোৱাৰ লগে লগে দেশত কেবাটাও গোচৰ নতুন আইন অনুসৰি ৰুজু কৰা হৈছে৷ পূর্বৰ ভাৰতীয় দণ্ডবিধি, চিআৰপিচি আৰু আইইচিৰ পৰিৱর্তে এতিয়া ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম কার্যকৰী কৰা হৈছে৷ এই তিনি বিকল্প আইন প্রণয়নৰ প্রস্তুতি আছিল দীর্ঘদিনীয়া৷ মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালত অন্তিম শীতকালীন অধিৱেশনত বিৰোধীৰ তীব্র আপত্তিক অগ্রাহ্য কৰি সংসদত গৃহীত কৰা হৈছিল এই আইন তিনিখন৷ পূর্বেই কেন্দ্রীয় চৰকাৰে এই আইন কার্যকৰি কৰাৰ দিন নির্ধাৰণ কৰিছিল৷ বিগত চৰকাৰৰ দিনত ২০২৪ ৰ ১ জুলাইৰ পৰা এই আইন কার্যকৰী কৰা হ’ব বুলি ঘোষণা কৰা হৈছে৷ নতুন চৰকাৰ গঠনৰ পিছত তিনিখন আইন যে বলৱৎ হ’ব, সেয়া সকলোৰে বাবে জ্ঞাত আছিল৷ বিৰোধীয়ে এই তিনিখন নতুন আইনৰ বিৰোধিতা কৰিলেও চৰকাৰে দেশত ন্যায় ব্যৱস্থাৰ নতুন যুগৰ সূচনা হোৱা বুলি দাবী কৰিছে৷ ইপিনে এই নতুন তিনিখন আইনৰ বিভিন্ন ধাৰাক লৈ ইতিমধ্যে বিশেষজ্ঞসকলৰ মাজত আৰম্ভ হৈছে বিশ্লেষণ৷ স্মর্তব্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই আইন দেশত বলৱৎ হোৱাটো এক গুৰুত্বপূর্ণ ঘটনা বুলি মন্তব্য কৰিছে৷ আনকি এই আইন গৃহীত হোৱাৰ পিছতে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে ইয়াক গুৰুত্বপূর্ণ বুলি অভিহিত কৰিছিল৷

Featured