ধৈৰ্য-একাগ্ৰতাৰে স্বাৱলম্বিতাৰ পথত নলবাৰীৰ দিলীপ চৌধুৰী

অৰূপ ৰঞ্জন বৰ্মন নলবাৰী

ধৈর্য, একাগ্রতা থাকিলে ইপ্সীত লক্ষ্যত উপনীত যে হ’ব পাৰি তাকেই প্রমাণ কৰি দেখুৱালে দিলীপ চৌধুৰী নামৰ যুৱকজনে৷ সর্থেবাৰীৰ ‘(কাৰাকুছি) ৩২ বছৰীয়া এই যুৱকজনে দুচকুত অযুত সপোন লৈ এদিন ঢ়াপলি মেলিছিল নলবাৰীলৈ৷ সর্থেবাৰী আৰু নলবাৰী চহৰৰ দূৰত্ব প্রায় ২৫ কিলোমিটাৰ৷ পৰিয়ালৰ আর্থিক দুৰৱস্থাৰ বোজা সহিব নোৱাৰি আজিৰ ৩২ বছৰীয়া যুৱকজনে নলবাৰীলৈ আহি কিবা এটা কর্ম কৰি দৰিদ্র পৰিয়ালটোক আর্থিকভাৱে কিছু পৰিমাণে সকাহ দিয়াৰ পৰিকল্পনাত ব্রতী হয়৷ নলবাৰী চহৰৰ অন্যতম পুৰণি ব্যৱসায়িক প্রতিষ্ঠান ‘সাৰদা বেকাৰী’ৰ মালিকৰ স’তে এদিন চিনাকি হয় দিলীপে৷ সেই চিনাকি সূত্রে মালিকে অষ্টম শ্রেণীত পঢ়া ১২ বছৰীয়া ল’ৰাজনে ‘সাৰদা বেকাৰী’ৰ মেনেজাৰ হোৱাৰ সুবিধা পায়৷ সেই সময় আছিল ১৯৯৯ চনৰ কোনোবা এটা দিন৷ ১৯৯৯ চনৰ পৰা ২০০৭ চনলৈ প্রায় ৮ বছৰ বেকাৰীৰ মেনেজাৰ হিচাপে সততা আৰু নিষ্ঠাৰে কাম কৰি এদিন স্বাৱলম্বী হৈ পৰা যুৱকজনে আন দহজনক স্বাৱলম্বী কৰাৰ উদ্দেশ্যৰে নলবাৰী চহৰত ২০০৭ চনত ২৪ নৱেম্বৰৰ দিনা স্থাপন কৰে এটি ফেক্টৰী৷ ফেক্টৰীটোত নিমকি, ভুজিয়া–বুন্দিয়া, ক্রীম বোন আদি প্রস্তুত হয়৷ নিয়োজিত ফেক্টৰীটোৰ চাৰিগৰাকী কর্মচাৰীয়ে এনে সামগ্রী দৈনিক প্রস্তুত কৰাৰ লগতে ফেক্টৰীটোৰ মালিক চৌধুৰীয়ে নিজেও হাতে–কামে লাগি আহিছে৷ জানিবলৈ দিয়া মতে, দৈনিক ২০–২২ হাজাৰ টকাৰ বিক্রী হৈ আহিছে৷ লাইনমেনে সামগ্রী ফেক্টৰীৰ পৰা ক্রয় কৰি চহৰৰ বিভিন্ন প্রান্তত বিক্রী কৰি আহিছে৷ উদ্যমী যুৱকজনে ব্যৱসায় কৰি স্বাৱলম্বী হৈ পৰিয়ালক পোহপাল দিয়াৰ লগতে আন চাৰিজনক কর্মসংস্থাপন দিয়াই নহয় নিজৰ দুই ভাগিনৰ পঢ়া–শুনাৰ সমস্ত দায়িত্ব লৈ তেওঁ সকলোৰে বাবে এতিয়া হৈ পৰিছে আদর্শ৷

Comments (0)
Add Comment