চাহ বাগিচাত মানৱ সেৱাৰে জীৱন উছর্গা কৰা মাকুমৰ ডাঃ বিনয় কুমাৰ ফুকন

অৱসৰৰ পাছতো দায়িত্ব এৰিব নোৱৰা চিকিৎসকগৰাকী
  • অখিল চন্দ্র বৰুৱা, মাকুম

যি সময়ত চাহবাগিচা অঞ্চলত চিকিৎসা সেৱা আগবঢ়াবলৈ একাংশ চিকিৎসকে আতংকিত হৈছে সেই সময়ত মাকুমৰ এজন চিকিৎসকে অৱসৰৰ পাছতো চাহ শ্রমিকৰ প্রেমৰ বাবেই বাগিচা এৰিব নোৱাৰি সেৱা আগবঢ়াই আহিছে ৷ মাকুম জ্যোতিনগৰৰ প্রয়াত মুক্তিযোদ্ধা সূর্যকান্ত ফুকন আৰু অন্নদা ফুকনৰ জ্যেষ্ঠ পুত্র বিনয় কুমাৰ ফুকনৰ জন্ম হৈছিল ১৯৪৫ চনত৷ বিনয় কুমাৰ ফুকনে চিকিৎসক ৰূপে ১৯৭২ চনত প্রথমে লাংকাছি চাহ বাগিচাত ৯ মাহৰ বাবে যোগদান কৰি ১৯৭৩ চনৰ ১ এপ্রিলত আসাম ফ্রণ্টিয়াৰ টী কোম্পানী লিমিটেডৰ পেঙেৰী চাহ বাগিচাত যোগদান কৰে ৷ তেতিয়া পেঙেৰী বাগিচাত থকা ব্রিটিছ চাহাবৰ তলত চিকিৎসা আগবঢ়াই জীৱনৰ অভূতপূর্ব অভিজ্ঞতা লাভ কৰা ফুকনে কৈছিল ‘ব্রিটিছ চাহাবেবাগিচা অঞ্চলত কি কি বেমাৰ হৈছে, কি কি ঔষধ আছে আদি বিভিন্ন বিষয়ৰ সঘনাই খা–খবৰ লৈছিল ।

কিন্তু আজিকালি মেনেজাৰসকলৰ লগত ডাক্তৰৰ সম্পর্কই নাই৷ দুর্গম পেঙেৰী চাহবাগিচাত চাইকেল চলাই বাগিচাৰ লাইনে লাইনে চাহ শ্রমিক ৰাইজৰ দুখ–দুর্দশাৰ খবৰ লৈ ফুৰিছিল ফুকন ডাক্তৰে৷ সেই সময়ত অটব্য হাবি–জংঘলেৰে ভয়াৱহ হৈ থকা পেঙেৰীলৈ বনৰীয়া হাতীৰ মাজে মাজে নিজকে চম্ভালি চিকিৎসা সেৱা আগবঢ়াবলৈ অহা বিনয় কুমাৰ ফুকনে এবছৰৰ পাছতে লংছোৱালৰ আসাম ফ্রণ্টিয়াৰ টী কোম্পানীৰ কেন্দ্রীয় চিকিৎসালয়লৈ বদলি হৈ আহিবলগীয়া হয়৷ ১৯৭৪ চনৰ পৰা ২০০৫ চনলৈকে সুদীর্ঘ ৩১ বছৰ চাহ শ্রমিকৰ জীৱনৰ ওপৰত সেৱা আগবঢ়াবলৈ সক্ষম হৈছে ডাঃ বিনয় কুমাৰ ফুকন ৷ তিনিচুকীয়া জিলাৰ প্রধান ১৮খন চাহ বাগিচাৰ কেন্দ্রীয় চিকিৎসালয়খনত সেৱা আগবঢ়াই অহা ফুকন ডাক্তৰ চাহ শ্রমিক ৰাইজৰ বাবে ভগৱান সদৃশ হৈ পৰিছিল ৷

ডাঃ বিনয় কুমাৰ ফুকনেও চিকিৎসা সেৱা মানৱতাৰ মহান সেৱা ৰূপে লৈ বাগিচাৰ অলিয়ে–গলিয়ে প্রত্যেকৰে ঘৰৰ খা–খবৰ লৈছিল, লাইনৰ প্রতিতো পদূলিয়েই তেওঁ চিনাকি৷ কোনোবা লাইনৰ পদূলিত থিয় হ’লেই ফুকন ডাক্তৰক হিয়া উজাৰি আদৰণি জনাইছিল৷ এইজনেই ফুকন ডাক্তৰ যিজনে সকলো বেমাৰৰ বিশেষজ্ঞ ৰূপে ৰোগীৰ চিকিৎসা কৰিছিল৷ ফুকন ডাক্তৰে হাত দিলেই ৰোগী উপশম হৈছিল ৷ বাগিচাত কেতিয়াবা হুলস্থূলীয়া পৰিৱেশত শ্রমিক ৰাইজে ড০ বিনয় কুমাৰ ফুকনে দিয়া আশ্বাসতহে পৰিস্থিতি শান্ত হৈছিল৷ এগৰাকী চিকিৎসকৰ লগতে সমাজৰ প্রতি সদা সচেতন ব্যক্তি ৰূপে তেওঁ সদায় সামাজিক কামত আগভাগ লৈছিল ৷

কেৱল বাগিচাৰ লোককহে চিকিৎসা কৰিছিল এনে নহয়, তিনিচুকীয়া জিলাৰ বিভিন্ন প্রান্তৰ লোকসকলেও চিকিৎসা কৰিবলৈ তেওঁৰ কাষ পাইছিলগৈ৷ ২০০৫ চনত তেওঁ অৱসৰ লোৱাৰ পাছতো বাগিচাৰ শ্রমিকসকলে তেওঁকবাগিচা এৰিবলৈ দিয়া নাই৷ শ্রমিকসকলৰ মৰম আৰু ভালপোৱাৰ মাজত আবদ্ধ এইগৰাকী চিকিৎসকক উন্নত মানৰবাগিচাত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অলপতে তেওঁক সম্বর্ধনা জ্ঞাপন কৰে৷ অমায়িক স্বভাৱসুলভব্যক্তিত্ অধিকাৰী ডাঃ বিনয় কুমাৰ ফুকন সদায়েইবাগিচাৰ শ্রমজীৱি ৰাইজৰ বুকুৰ আপোন হৈয়ে থাকিব ৷

Comments (0)
Add Comment