২০২৩–২৪ বর্ষত দেশত ৪ কোটি ৭০ লাখ নতুন কর্মসংস্থাপন

🔹 ভাৰতীয় ৰিজার্ভ বেংকৰ আশাৰ বতৰা

বিশেষ বাৰ্তা, ১০ জুলাই : ভাৰতীয় ৰিজার্ভ বেংকৰ প্রতিবেদনত ২০২৩–২৪ বর্ষত দেশত ৪ কোটি ৭০ লাখ নতুন কর্মসংস্থাপন হৈছে বুলি প্রকাশ পাইছে৷ প্রতিবেদনখনত ২০২২–২৩ চনৰ তুলনাত কর্মসংস্থাপন ৩.২ শতাংশৰ বিপৰীতে ২০২৩–২৪ বর্ষত ৬ শতাংশলৈ বৃদ্ধি হৈছে বুলিও উল্লেখ কৰা হৈছে৷ ক্লেমছৰ তথ্যৰ আধাৰত আৰবিআয়ে প্রকাশ কৰা এই প্রতিবেদনত দেশৰ ২৭টা কর্মক্ষেত্রৰ ওপৰত বিশ্লেষণ কৰি এই তথ্য প্রকাশ কৰিছে৷ কৃষি, মৎস্য, খনি, শিল্প আদিত কর্মসংস্থাপন বৃদ্ধি হৈছে৷ আৰবিআইৰ এই প্রতিবেদন বেচৰকাৰী সংস্থা চিটি গ্রুপ ইণ্ডিয়াই খাৰিজ কৰিছে৷ কিয়নো দেশত উক্ত বর্ষত ৮০–৯০ লাখহে নতুন কর্মসংস্থাপন হৈছে৷

Featured