অৰ্ডনেন্স ফেক্টৰী বৰ্ডত শিক্ষা নবিচৰ ৬০৬০ পদত মকৰল

প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ অর্ডনেন্স ফেক্টৰী ব’ডত খালী হৈছে শিক্ষা নবিচৰ ৬,০৬০টা পদ৷ পদসমূহ ব’ডৰ কাৰিকৰী আৰু অকাৰিকৰী বিভাগৰ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি ব’ডৰ সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ দেশৰ ভিন্ন ঠাইত থকা অর্ডনেন্স ফেক্টৰীসমূহত অচিৰেই ৬,০৬০টা পদ পূৰণ কৰা হ’ব৷ কাৰিকৰী বিভাগৰ প্রার্থী গড়ে ৫০শতাংশ নম্বৰেৰে দশম শ্রেণী উত্তীর্ণ আৰু আই টি আইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ আনহাতে অকাৰিকৰী বিভাগৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হ’লেই হ’ব৷ বয়স ৯ ফেব্রুৱাৰী ২০২০লৈ ১৫–২৪ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে ১০০ টকা অনলাইন মাধ্যমেৰে অর্ডনেন্স ফেক্টৰী ব’ডৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে দিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.ofb.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম দিন ৯ ফেব্রুৱাৰী ২০২০৷

Comments (0)
Add Comment