এবিচিআই ইনফ্ৰাষ্ট্ৰাকচৰাত নিযুক্তিৰ সুযোগ

দেশৰ ৰাজপথ, অট্টালিকা, সুৰংগ, দলঙকে ধৰি আন্তঃৰাষ্ট্রীয় সীমাত বেৰ দিয়া কামৰ সৈতে জড়িত অন্যতম নির্মাণকাৰী কোম্পানী এবিচিআই ইনফ্রাষ্ট্রাকচাৰ প্রাইভেট লিমিটেডত খালী হৈছে ইঞ্জিনীয়াৰৰ কেইবাটাও পদ৷ বিজ্ঞাপনৰ তথ্য অনুসৰি পদসমূহ কোম্পানীটোৰ চিভিল আৰু মেকানিকেল বিভাগত পূৰণ কৰা হ’ব৷ ছিনিয়ৰ চাইট ইঞ্জিনীয়াৰ পদৰ প্রার্থী চিভিল/মেকানিকেল বিষয়ত বিই/বি.টেক আৰু সংশ্লিষ্ট খণ্ডত ৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ আনহাতে ছাইট ইঞ্জিনীয়াৰ পদৰ প্রার্থী চিভিল/মেকানিকেল ইঞ্জিনীয়াৰিং বিষয়ৰ ডিপ্ল’মাধাৰী হোৱাৰ উপৰি সংশ্লিষ্ট খণ্ডত ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই আকর্ষণীয় দৰমহা লাভ কৰিব৷ আগ্রহীসকলে যথাসম্ভৱ শীঘ্রে নিজৰ শেহতীয়া বায়োডাটা ই–মেইলhr@abciinfra.com যোগে প্রেৰণ কৰিব পাৰে৷ আবেদন প্রেৰণৰ অন্তিম দিন ২০ জানুৱাৰী ২০২০৷

Comments (0)
Add Comment