কোকৰাঝাৰ জিলা আইন সেৱা প্ৰাধিকৰণত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদ

কোকৰাঝাৰ জিলা আইন সেৱা প্রাধিকৰণত খালী হৈছে ডাটা এণ্ড্রী অপাৰেটৰৰ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি জিলা আৰু সত্র ন্যায়াধীশৰ তৰফৰ পৰা এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰা হৈছে৷ তথ্য অনুসৰি আবেদনকাৰী দ্বাদশ শ্রেণী উত্তীর্ণ আৰু কম্পিউটাৰৰ ছমহীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০ টকা৷ বয়স ১ জানুৱাৰী ২০১৯লৈ সর্বোচ্চ ৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপি আৰু ৩ কপী শেহতীয়া পাৰপত্র আকাৰৰ ফটো আবেদনৰ স’তে গাঁঠি’Office of The District Legal Services Authority, 1st Floor, District and Sessions Judge Court Building, Kokrajhar’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ উল্লেখ্য যে আবেদনৰ লগত ৫ টকীয়া ডাক টিকট লগোৱা স্বনাম–ঠিকনাযুক্ত এটি অতিৰিক্ত খাম পঠিওৱাটো বাঞ্ছনীয়৷ আবেদন গ্রহণৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ ২০১৯৷ নিযুক্তিৰ সবিশেষ তথ্যৰ বাবে ৱেবছাইটwww.kokrajharjudiciary.gov.in চাব পাৰে৷

Comments (0)
Add Comment