ছেইলত ১৪৮ পদত মকৰল

আবেদন গ্রহণৰ অন্তিম দিন ৩০ ডিচেম্বৰ

ষ্টীল অথ’ৰিটী অৱ ইণ্ডিয়া লিমিটেড চমুকৈ ছেইলত খালী হৈছে এগজিকিউটিভ আৰু নন–এগজিকিউটিভৰ মুঠ ১৪৮ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নতুন দিল্লীস্থিত ছেইলৰ মানৱ সম্পদ বিষয়াই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি এগজিকিউটিভৰ শিতানত পূৰ হ’বলগীয়া পদটো হৈছে মেডিকেল অফিচাৰ–ডেণ্টেলৰ৷ আনহাতে নন–এগজিকিউটিভৰ শিতানত পূৰ হ’বলগীয়া পদসমূহৰ ভিতৰত আছে– মাইনিং ফৰমেন ৪০টা, মাইনিং মেট ৫১টা, ছার্ভেয়ৰ–মাইনছ ৯টা, অপাৰেটৰ কাম টেকনিচিয়ান–ইলেক্ট্রি ১৩টা, এটেনডেণ্ট কাম টেকনিচিয়ান–এইচএম/এচিটিটি–এইচএমভি ২০টা আৰু নার্ছিং ছিষ্টাৰ ১০টা পদ৷ আবেদনকাৰীৰ বয়স ৩০ ডিচেম্বৰ ২০১৯লৈ ২৮–৩০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীয়ে ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ উল্লিখিত পদ অনুযায়ী ক্রমে ২০,৬০০–৪৬,৫০০ টকা/২৪,৯০০–৫০,৫০০ টকা, ১৬,৮০০–২৪,১১০ টকা, ১৫,৮৩০–২২,১৫০ টকা৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা, ২৫০ টকা আৰু ১৫০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এছচি আৰু এছটি শ্রেণীৰ প্রার্থীয়ে কোনোধৰণৰ মাচুল দিব নালাগে৷ আগ্রহীসকলে নিযুক্তি বিষয়ক সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ছেইলৰ ৱেবছাইটwww.sail.co.in ভিজিট কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ ২০১৯৷