বায়ুসেনাত ২৪৯ পদত নিযুক্তিৰ জাননী

৩০ ডিচেম্বৰৰ ভিতৰত আবেদন আহ্বান

ভাৰতীয় বায়ুসেনাত ২৪৯ পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বায়ুসেনাৰ নিযুক্তি বিভাগৰ বিষয়াই এক নিয়োগ বিজ্ঞাপন ৰাষ্ট্রীয় সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ফ্লাইং–এএফচিএটি, গ্রাউণ্ড ডিউটী–টেকনিকেল, ফ্লাইং–এনচিচি আৰু গ্রাউণ্ড ডিউটী–নন টেকনিকেল৷ ফ্লাইং শিতানৰ প্রার্থীৰ বয়স ১ জানুৱাৰী ২০২১লৈ ২০–২৪ বছৰৰ ভিতৰত আৰু গ্রাউণ্ড ডিউটী শিতানৰ প্রার্থীৰ বয়স ২০–২৬ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ৫৬,১০০–১,১০,৭০০ টকাসহ ১৫,৫০০ টকাৰ এমএছপি৷ অৱশ্যে প্রশিক্ষণৰ সময়ছোৱাত মাহে ৫৬,১০০ টকা লাভ কৰিব৷ ইচ্ছুকসকলে সম্পূর্ণ নিয়োগ বিজ্ঞাপন আৰু অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://careerindianairforce.cdac.in & https://afcat.cdac.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন গ্রহণৰ প্রক্রিয়া ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু এই প্রক্রিয়া ৩০ ডিচেম্বৰ ২০১৯লৈ অব্যাহত থাকিব৷