ৰাষ্ট্রীয় অনুসন্ধান সংস্থাত ১৫ পদ

আবেদন গ্রহণৰ অন্তিম দিন ৩১ মার্চ

কেন্দ্রীয় চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (এনআইএ)ত খালী হৈছে ডাটা এণ্ড্রী অপাৰেটৰৰ ১৫টা পদ৷ উক্ত খালী পদসমূহ গুৱাহাটীকে ধৰি দেশৰ ভিন্ন প্রান্তত থকা সংস্থাটোৰ শাখা কার্যালয়ত পূৰণ কৰা হ’ব৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রশাসনীয় বিভাগৰ উপ–মহাপৰিদর্শকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ নিযুক্তিপ্রাপ্তই মাহে ২৯,২০০–৯২,৩০০ টকা লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপনৰ বিশদ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, মাচুল পৰিশোধ প্রক্রিয়াৰ বিষয়ে জানিবলৈ আৰু নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটwww.nia.gov.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রতিলিপিৰ সৈতে আবেদন’DIG (Admn) NIA HQ, Opp- CGO Complex, Lodhi Road, New Delhi-110003′ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম দিন ৩১ মার্চ ২০২০৷

Comments (0)
Add Comment