অসম শক্তি বিতৰণ কোম্পানীত ২৩১ চাকৰি

অসম লোকসেৱা আয়োগে(Assam Public Service Commission) অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(Assam Power Distribution Company Limited)ৰ হৈAssistant Manager-Electrical (২১) আৰুAssistant Manager-Civil (১) ২৩১ পদৰ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Assistant Manager-Electricalৰ মুঠ পদ ২১৫ৰ ভিতৰত অসংৰক্ষিত ১৪৩, অ’বিচি/এম’বিচিৰ ৫০, এছচিৰ ৭, এছটি–পিৰ ৮ আৰু এছটি–এইচৰ ৭ পদ সংৰক্ষিত থাকিব৷ আনহাতে Assistant Manager-Civilৰ মুঠ পদ ১৬ৰ ভিতৰত অসংৰক্ষিত ১৩, এছচিৰ ১ আৰু এছটি–পিৰ ২ পদ সংৰক্ষিত থাকিব৷Assistant Manager-Electrical আৰুAssistant Manager-Civil পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ২৫,০০০–৯২,০০০ টকাসহ ১২,১০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২৩লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷Assistant Manager-Electrical পদৰ প্রার্থী অসম চৰকাৰৰDirector of  Technical Education/AICTEৰ দ্বাৰা স্বীকৃতিপ্রাপ্তInstitutionৰ পৰ Electrical Engineering/Electrical & Electronics Engineering ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ আনহাতে,Assistant Manager-Civil পদৰ প্রার্থী অসম চৰকাৰৰDirector of Technical Education/AICTEৰ দ্বাৰা স্বীকৃতিপ্রাপ্তInstitutionৰ পৰ IT/Computer Science and Engineering/Computer Technology ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈAPSCৰ ৱেবছাইটwww.apsc.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৯ মে’, ২০২৩৷