উত্তৰ–পূব সীমান্ত ৰে’লৱেত ১২ পদ; আবেদন গ্রহণৰ অন্তিম দিন ৭ জানুৱাৰী

উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ স্কাউট এণ্ড গাইড বিভাগত খালী হৈছে ১২টা পদ ৷ পদকেইটা গ্রুপ–চি আৰু ডি পর্যায়ৰ ৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি গ্রুপ–চি পর্যায়ৰ পদৰ সংখ্যা ২টাঃ প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে দ্বাদশ উত্তীর্ণ আৰু প্রতি মিনিটত ৩০টা ইংৰাজী আৰু ২৫ টা হিন্দী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব ৷ বয়স ১৮–৩০ বছৰ ৷ সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বয়সৰ এই সীমাত বিধিগত ৰেহাই লাভ কৰিব৷

আনহাতে গ্রুপ–ডি পর্যায়ৰ খালী পদৰ সংখ্যা ১০টাঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু এনচিভিটিৰ পৰা নেচনেল এপ্রেণ্টিচশ্বিপ চার্টিফিকেট পোৱা হ’ব লাগিব নাইবা দশম শ্রেণী উত্তীর্ণ আৰু চিভিল ইঞ্জিনীয়াৰিং/ মেকানিকেল/ ইলেক্ট্রিকেল/এছ এণ্ড টি ট্রেডত আই টি আইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ বয়স ১৮–৩৩ বছৰ ৷

আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন’Senior Personnel Officer (Recruitment), Office of The Principal Chief Personnel Officer, Northeast Frontier Railway HQR, Maligaon, Guwahati-784011, Assam’ ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ জানুৱাৰী ২০২০ 

বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে আবেদন প্র–পত্র ডাউনলোডৰ বাবে ৱেবছাইট www.nfr.indianrailways.gov.in ভিজিট কৰিব পাৰে ৷

Comments (0)
Add Comment