এছবিআইত কনিষ্ঠ সহায়কৰ ৮১৩৪ চাকৰি

দেশৰ ৰাজহুৱা খণ্ডৰ বৃহত্তম বিত্তীয় প্রতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়া চমুকৈ এছবিআইত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কেন্দ্রীয় নিযুক্তি আৰু পদোন্নতি বিভাগৰ মহাপ্রবন্ধকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি মুঠ ৮,১৩৪সংখ্যক পদৰ ভিতৰত অসংৰক্ষিত ৩৪৪৭টা, আর্থিকভাৱে দুর্বল শ্রেণীৰ ৭৯০টা, এছচিৰ ১২১৪টা, এছটিৰ ৭৪৬টা আৰু অ’বিচিৰ ১৮০৩টা পদ আছে৷ ইয়াৰ উপৰি বেকলগ ভেকেন্সীত ১৩৪টা পদ আছে৷ ইয়াৰে ১৩০টা এছ টিৰ আৰু ৪টা পদ অ’বিচি শ্রেণীৰ প্রার্থীৰ বাবে৷ উত্তৰ–পূর্বাঞ্চলৰ অসমকে ধৰি অৰুণাচলপ্রদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্রিপুৰা, দিবাং ভেলী, টাৱাং, টুৰা, ম’ককচুঙত পূৰণ হ’ব ৩৭৫টা পদ৷ আবেদনকাৰী স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ অৱশ্যে চূড়ান্ত বর্ষত অৱতীর্ণ প্রার্থীয়েও আবেদন কৰিব পাৰিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ২০–২৮ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ৭৫০ টকা অনলাইন মাধ্যমেৰে এছবিআইৰ হকে পৰিশোধ কৰিব লাগিব৷ সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে কোনো মাচুল দিব নালাগে৷ দৰমহাৰ নিৰিখ ১১৭৬৫–৬৫৫/৩–১৩৭৩০–৮১৫/৩–১৬১৭৫–৯৮০/৪–২০০৯৫–১১৪৫/৭–২৮১১০–২১২০/১–৩০২৩০–১৩১০/১–৩১৪৫০ টকা৷ উল্লেখ্য যে অসমত পূৰণ হ’বলগীয়া ১৮২টা পদৰ ভিতৰত ৮২টা সাধাৰণ শ্রেণীৰ, এছ চিৰ ১২টা, এছ টিৰ ২১টা, অ’বিচিৰ ৪৯টা আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ বাবে ১৮টা পদ আছে৷ উক্ত পদকেইটা ডিব্রুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত পূৰণ কৰা হ’ব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://bank.sbi/careers & https://www.sbi.co.in/careers লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ জানুৱাৰী, ২০২০৷

Comments (0)
Add Comment