কটন কৰ্পৰেচনত ৭৫ পদ

বস্ত্র মন্ত্রালয়ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ অন্যতম অগ্রণী বস্ত্র নির্মাণকাৰী কোম্পানী দ্য কটন ক’পৰেচন অৱ ইণ্ডিয়া লিমিটেডত খালী হৈছে ভিন্ন বর্গৰ ৭৫টা পদ৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– এছিছটেণ্ট কোম্পানী ছেক্রেটৰী (১), এছিছটেণ্ট মেনেজাৰ–চিভিল (১), এছিছটেণ্ট মেনেজাৰ–লিগেল (১), এছিছটেণ্ট মেনেজাৰ–ফিচিয়েল লেংগুৱেজ (১), মেনেজমেণ্ট ট্রেইনী–এইচআৰ (১), মেনেজমেণ্ট ট্রেইনী–মার্কেটিং (১০), মেনেজমেণ্ট ট্রেইনী–একাউণ্টছ (১০), জুনিয়ৰ কমার্চিয়েল এগজিকিউটিভ (২০), জুনিয়ৰ এছিছটেণ্ট–জেনেৰেল (১৪), জুনিয়ৰ এছিছটেণ্ট–একাউণ্টছ (১৫) আৰু হিন্দী ট্রেন্সলেটৰ (১)৷ প্রার্থী চি এ/এম বি এ, বি ই/পি জি ডি এম/চি এম এ/বি এছ চি উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০১৯লৈ ২৭–৩২ বছৰৰ ভিতৰত হ’ব লাগিব৷ আবেদন মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে ১০০০ টকা আনহাতে এছ চি, এছ টি, প্রাক্তন কর্মচাৰী আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইট লগ–ইন কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম তাৰিখ ২৭ জানুৱাৰী, ২০২০৷

Comments (0)
Add Comment