কটন বিশ্ববিদ্যালয়ত ৩ পদ খালী

উত্তৰ–পূর্বাঞ্চলৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ প্রতিষ্ঠান কটন বিশ্ববিদ্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– কণ্ড্র’লাৰ অৱ এগজামিনেচন ১টাঃ পদটো অসংৰক্ষিত৷ প্রার্থী গড়ে ৫৫শতাংশ নম্বৰেৰে প’ষ্ট গ্রেজুৱেট ডিগ্রীধাৰী আৰু অতি কমেও ১৫ বছৰ সহকাৰী অধ্যাপক হিচাপে কর্ম অভিজ্ঞতা থকা নাইবা সহযোগী অধ্যাপক হিচাপে অতি কমেও ৮ বছৰ পাঠদানৰ অভিজ্ঞতা থকাৰ উপৰি প্রশাসনিক খণ্ডত অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৫৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১,৪৪,২০০–২,১৮,২০০টকাসহ অন্যান্য ভাট্টা লাভ কৰিব৷ ডাইৰেক্টৰ অৱ ষ্টুডেণ্টছ ৱেলফেয়াৰ ১- প্রার্থী গড়ে ৫৫শতাংশ নম্বৰেৰে প’ষ্ট গ্রেজুৱেট ডিগ্রীধাৰী আৰু ১৫ বছৰ প্রশাসনিক বিভাগত কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব৷ ইয়াৰে ৮ বছৰ উপ–পঞ্জীয়ক হিচাপে কার্য সম্পাদন কৰা জৰুৰী৷ বয়স সর্বোচ্চ ৫৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১,৪৪,২০০–২,১৮,২০০ টকাসহ অন্যান্য ভাট্টা লাভ কৰিব৷ শেষত ষ্টোৰ অফিচাৰ ১টাঃ প্রার্থী ৫৫ শতাংশ নম্বৰেৰে প’ষ্ট গ্রেজুৱেট ডিগ্রীধাৰী আৰু প্রশাসনিক খণ্ড/ষ্টোৰ/বিত্ত/গাণনিক বিভাগত ১০ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪৫ বছৰ৷ দৰমহাৰ নিৰিখ ৩০,০০০–১,১০,০০০টকাসহ ১৪,৫০০ টকাৰ গ্রেড পে’৷ কণ্ড্র’লাৰ অৱ এগজামিনেচন আৰু ডাইৰেক্টৰ অৱ ষ্টুডেণ্টছ ৱেলফেয়াৰ পদৰ প্রার্থীয়ে আবেদন মাচুল হিচাপে ২০০০ টকা পৰিশোধ কৰাৰ বিপৰীতে ষ্টোৰ অফিচাৰ পদৰ প্রার্থীয়ে ১০০০ টকা বেংক চালানযোগে কটন বিশ্ববিদ্যালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপনবিষয়ক বিশদ বিৱৰণৰ লগতে আবেদন দাখিল প্রক্রিয়াৰ বাবে বিভাগীয় ৱেব্ছাইটhttps://cottonuniversity.ac.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৪ এপ্রিল, ২০২০৷

Comments (0)
Add Comment