ক্ৰীড়া প্ৰাধিকৰণত ১৩০ পদৰ বিজ্ঞাপন

ক্ৰীড়া প্ৰাধিকৰণত ১৩০ পদৰ বিজ্ঞাপন

ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনস্থ ভাৰতীয় ক্রীড়া প্রাধিকৰণত আৱশ্যক হৈছে ইয়ং প্রফেচনেলৰ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি প্রাধিকৰণৰ সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি ১৩০ সংখ্যক খালী পদত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ উক্ত খালী পদসমূহ প্রাধিকৰণৰ প্রশাসনিক, বিত্ত, ক্রীড়া পৰিচালনা, আইন আৰু অভিযান্ত্রিক বিভাগত পূৰণ কৰা হ’ব৷ প্রার্থী গড়ে ৫০ শতাংশ নম্বৰেৰে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্রেজুৱেচন অথবা ইয়াৰ সমপর্যায়ৰ ডিগ্রীধাৰী নাইবা স্নাতক উত্তীর্ণ আৰু সংশ্লিষ্ট খণ্ডত ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ২০ ডিচেম্বৰ ২০১৯লৈ সর্বোচ্চ ৩২ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৪০,০০০ টকা৷ প্রাৰম্ভিক পর্যায়ত প্রার্থীক ২ বছৰীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী পর্যায়ত চাকৰিৰ ম্যাদ বৃদ্ধিৰ সম্ভাৱনা আছে৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ উপৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://sportsauthorityofindia.gov.in ভিজিট কৰিব পাৰে৷ অনলাইন আবেদন গ্রহণৰ অন্তিম দিন ২০ ডিচেম্বৰ ২০১৯৷

Comments (0)
Add Comment