খাদ্য সুৰক্ষা সঞ্চালকালয়ত ১২ পদ মুকলি

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ খাদ্য সুৰক্ষা সঞ্চালকালয়(Commissionerate of Food Safety, Assam)ত খালী হৈছে ১২ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিFood Analyst to the Govt. of AssamৰSelection CommitteeৰMember Secretary আৰুCommissionerate of Food Safety, AssamৰSelection CommitteeৰChairperson-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Help Desk Asstt. (2) পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্তUniversityৰ পৰা স্নাতক ডিগ্রীধাৰী আৰুComputerৰ এবছৰীয়া পাঠ্যক্রমৰ ডিপ্ল’মা/প্রমাণ–পত্রধাৰী হোৱাৰ লগতেMicrosoft Office, Internet, E-mailৰ জ্ঞান থকা হ’ব লাগিব৷ প্রার্থী ৫ মহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব৷ বয়স সর্বোচ্চ ৩৮ বছৰ৷ পদটোCommissionerate of Food Safety, Assam, Ghy-21ত পূৰণ কৰা হ’ব৷ সাক্ষাৎকাৰ ২৯ নৱেম্বৰ, ২০২১ তাৰিখে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ দৰমহাৰ নিৰিখ মাহে ২৫,০০০ টকা৷

আনহাতে,Assistant Chemist (10) পদৰ প্রার্থীChemistry/Biochemistry/Microbiology/Dairy Chemistry/Food Technology বিষয়তB.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷Chemistry/Biochemistry/Microbiology/Dairy Chemistry/Food Technology বিষয়তM.Sc. ডিগ্রীধাৰী প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ প্রার্থী ৩ মহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব৷ বয়স সর্বোচ্চ ৩৮ বছৰ৷ পদটোState Public Health Laboratory, Assam, Ghy-21ত পূৰণ কৰা হ’ব৷ সাক্ষাৎকাৰ ৩০ নৱেম্বৰ, ২০২১ তাৰিখে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ দৰমহাৰ নিৰিখ মাহে ৩০,০০০ টকা৷ আগ্রহীসকলে সাক্ষাৎকাৰৰ দিনা যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপি আৰু দুকপী পাৰপত্র আকাৰৰ শেহতীয়া ফটোসহSelection Committeeক ৰিপ’ট কৰিব লাগিব৷ বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ বাবে ৱেবছাইটwww.sphlassam.org লগ–ইন কৰিব পাৰে৷