গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত চাকৰি

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ভাৰতীয় তেল নিগম লিমিটেডৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত খালী হৈছে ঠিকাভিত্তিক অংশকালীন আকস্মিক কর্তব্যৰত চিকিৎসা বিষয়াৰ ৪টা পদ৷ যোগ্য প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাই ভাৰতীয় তেল নিগম লিমিটেডৰ গুৱাহাটী শোধনাগাৰৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, আকস্মিক কর্তব্যৰত চিকিৎসা বিষয়া পদৰ প্রার্থী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এমবিবিএছৰ ডিগ্রীধাৰী হোৱাৰ লগতে ভাৰতীয় চিকিৎসা পৰিষদৰ পঞ্জীয়নভুক্ত নম্বৰ থাকিব লাগিব৷ ডিপ্ল’মা আৰু স্নাতকোত্তৰ প্রার্থীয়েও সাক্ষাৎকাৰত উপস্থিত থাকিব পাৰিব৷ ইণ্টার্নশ্বিপ সম্পূর্ণ হোৱাৰ পিছত নূ্যনতম দুবছৰীয়া অভিজ্ঞতা থাকিব লাগিব৷ প্রতি সপ্তাহে ৪৮ ঘণ্টা কার্য সম্পাদন কৰিব লাগিব৷

এমবিবিএছ ডিগ্রীধাৰী আৰু এবছৰীয়া ইণ্টার্নশ্বিপ কৰা প্রার্থীয়ে মাহে ৮৯,৪০০ টকা লাভ কৰিব৷ চিকিৎসা বিশেষজ্ঞ ডিপ্ল’মা আৰু এমবিবিএছৰ ডিগ্রী থকা প্রার্থীয়ে মাহে ৯৭,০০০ টকা লাভ কৰিব৷ স্নাতকোত্তৰ অথবা এমবি/এমএছ আৰু এমবিবিএছৰ ডিগ্রী থকা প্রার্থীয়ে ১,০৪,৪০০ টকা লাভ কৰিব৷ অতিৰিক্ত অর্হতা আৰু অভিজ্ঞতা থকা প্রার্থীয়ে নিযুক্তিৰ ক্ষেত্রত অগ্রাধিকাৰ লাভ কৰিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ পাছপ’ট আকাৰৰ ৰঙীন ফটোসহ ১৭ মার্চ, ২০২২ তাৰিখে পুৱা ১০–১২ বজালৈ অনুষ্ঠিত সাক্ষাৎকাৰত উপস্থিত হ’ব লাগিব৷ সাক্ষাৎকাৰৰ স্থান– গুৱাহাটী শোধনাগাৰ হাস্পতাল, নুনমাটি, গুৱাহাটী–৭৮১০২০৷