নতুন দিল্লীৰ অসম ভৱনত ১২ পদ

অসম চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগৰ অধীনত নতুন দিল্লীৰ অসম ভৱনত অচিৰেই ১২ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ বিভাগীয় উপ–সচিবে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– টেলিফোন অপাৰেটৰ ৬টাঃ ইয়াৰে ৩টা পদ অসংৰক্ষিত হোৱাৰ বিপৰীতে আন ৩টা পদ ক্রমে অ’বিচি/ এম’বিচি, এছ টি–এইচ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীৰ শিতানত এটাকৈ সংৰক্ষিত থাকিব৷ প্রার্থীৰ শৈক্ষিক অর্হতা দশম শ্রেণী উত্তীর্ণ অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০২০লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্ব সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকা ৫,৬০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ আনহাতে ৰুম ছুপাৰভাইজৰ ৩টা ঃ ইয়াৰে এটা পদ অসংৰক্ষিত হোৱাৰ বিপৰীতে আন দুটা পদ অ’বিচি/এম’বিচি আৰু এছ টি–এইচ প্রার্থীৰ বাবে সংৰক্ষিত থাকিব৷ প্রার্থীৰ শৈক্ষিক অর্হতা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স ১ জানুৱাৰী, ২০২০ লৈ ১৮–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্ব সীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকা ৬,২০০টকাৰ গ্রেড পে’ লাভ কৰিব৷ ৰিচিপচনিষ্ট ৩টাঃ পদ তিনিটা অসংৰক্ষিত৷ আবেদনকাৰী স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানৰ পৰা দ্বাদশ শ্রেণী উত্তীর্ণ হোৱাৰ উপৰি ইংৰাজী আৰু অসমীয়াত ডিটিপিৰ ডিপ্ল’মাধাৰী হোৱাৰ লগতে কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ ১৪,০০০–৪৯,০০০ টকাসহ ৬,২০০ গ্রেড পে’ লাভ কৰিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ঠিকনাTo The Deputy Secretary Govt. of Assam, General Administration (B) Department, Second Floor, Block-A, Janata Bhawan, Dispur, Guwahati -6লৈ প্রেৰণ কৰিব লাগিব৷ আবেদনৰ লগত পাঁচটকীয়া ডাক টিকট লগোৱা এটি অতিৰিক্ত খাম প্রেৰণ কৰাটো বাঞ্ছনীয়৷ আবেদন দাখিলৰ অন্তিম দিন ২৮ মার্চ, ২০২০৷

Comments (0)
Add Comment