পাৱাৰ গ্রিডত ৩৫ পদ খালী

দেশৰ শক্তিখণ্ডৰ সম্প্রসাৰণৰ লগতে বিশ্বৰ অন্যতম অগ্রণী বৈদ্যুতিক শক্তি সম্প্রসাৰণকাৰী কোম্পানী পাৱাৰ গ্রিড কর্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ কোম্পানীটোৰ ইলেক্ট্রিকেল বিভাগত ৩০টা আৰু চিভিল বিভাগত ৫টা পদত অচিৰেই ডিপ্ল’মা ট্রেইনী নিয়োগ কৰিব৷ দুয়োটা শিতানৰ বাবে প্রার্থী গড়ে ৭০ শতাংশ নম্বৰেৰে সংশ্লিষ্ট ট্রেডৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ বয়স ১৬ ডিচেম্বৰ ২০১৯লৈ ২৭–৩০ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ এই সীমাত সংৰক্ষিত শ্রেণীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ প্রশিক্ষণৰ সময়ছোৱাত মাহে ২৫,০০০ টকা লাভ কৰিব৷ প্রশিক্ষণ সমাপ্ত হোৱাৰ পাছত নিযুক্তিপ্রাপ্তই জুনিয়ৰ ইঞ্জিনীয়াৰৰ দৰমহাৰ নিৰিখ মতে ২৫,০০০–১,১৭,৫০০ টকা লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে অনলাইন মাধ্যমেৰে পাৱাৰ গ্রিডৰ মুখ্য কার্যালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় বিতং তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttp://www.powergridindia.com লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৬ ডিচেম্বৰ ২০১৯৷