প্ৰতিৰক্ষা গৱেষণা-উন্নয়ন সংস্থাত ১৮১৭ চাকৰি

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ ২৩ জানুৱাৰী

ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনস্থ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি চেপটামৰ সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি মাল্টি টাস্কিং ষ্টাফৰ মুঠ ১,৮১৭টা পদৰ ভিতৰত এছচিৰ ১৬৩টা, এছটিৰ ১১৪টা, অ’বিচিৰ ৫০৩টা, আর্থিকভাৱে দুর্বল শ্রেণীৰ ১৮৮টা আৰু অসংৰক্ষিত ৮৪৯টা ৬পদ৷ প্রার্থী দশম শ্রেণী উত্তীর্ণ অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা নাইবা আই টি আইৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৮,০০০–৫৬,৯০০ টকাসহ অন্যান্য ভাট্টা৷ বয়স ১৮–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ১০০ টকা অনলাইন মাধ্যমেৰে ডিআৰডি’ৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল এছচি, এছটি, দিব্যাংগ আৰু আর্থিকভাৱে দুর্বল শ্রেণীৰ প্রার্থীয়ে দিব নালাগে৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.drdo.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৩ জানুৱাৰী ২০২০৷ উল্লেখ্য যে উক্ত পদকেইটা অসমৰ তেজপুৰকে ধৰি দেশৰ ভিন্ন ঠাইত থকা প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ শাখা কার্যালয়সমূহত পূৰণ কৰা হ’ব৷

Comments (0)
Add Comment