বিশ্বনাথ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ ৪ পদ খালী

শোণিতপুৰ জিলাৰ এখন আগশাৰীৰ আৰু পুৰণি উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ত খালী হৈছে সহকাৰী অধ্যাপকৰ ৪ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি সহকাৰী অধ্যাপকৰ পদ পূৰণ হ’বলগীয়া বিভাগকেইটা হৈছে– নেপালী, পদার্থ বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু দর্শন শাস্ত্র৷ আবেদনকাৰীৰ শৈক্ষিক অর্হতা ইউজিচিৰ নিদের্শনাৱলী অনুসৰি যোগ্য হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থী ডক্টৰেট ডিগ্রীধাৰী নাইবা নেট/শ্লেট/ছেট উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ বয়স ১ জানুৱাৰী ২০২০লৈ সর্বোচ্চ ৩৮ বছৰ৷ বয়সৰ ঊর্র্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৰেহাই লাভ কৰিব৷ প্রার্থী স্থানীয় ভাষা জনাৰ উপৰি স্থানীয় বাসিন্দাৰ প্রমাণ–পত্রধাৰী হ’ব লাগিব৷ আবেদন মাচুল হিচাপে ২,০০০ টকা মহাবিদ্যালয়ৰ অধ্যক্ষৰ হকে এছ বি আইৰ বিশ্বনাথ চাৰিআলি শাখাত পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদন ঠিকনালৈPrincipal , Biswanath College, P.O-Biswanath Chariali, PIN-784176, Assam প্রেৰণ কৰিব লাগিব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ মার্চ ২০২০৷

Comments (0)
Add Comment