মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত একাধিক পদৰ সাক্ষাৎকাৰ

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ শিক্ষানুষ্ঠানখনৰ কেইবাটাও গুৰুত্বপূর্ণ বিভাগত অচিৰেই প্রার্থী নিয়োগ কৰা হ’ব৷ এই বিষয়ে বিশ্ববিদ্যালয়খনৰ কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– একাউণ্টেণ্ট ঃ প্রার্থী বাণিজ্যৰ স্নাতক আৰু কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রত প্রতিষ্ঠিত বিত্তীয় প্রতিষ্ঠানৰ গাণনিক বিভাগত কর্ম অভিজ্ঞতা থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷ দৰমহা মাহে ১৫,০০০ টকা৷ সাক্ষাৎকাৰ ৯ ডিচেম্বৰ ২০১৯ তাৰিখে অনুষ্ঠিত হ’ব৷ জুনিয়ৰ এছিছটেণ্টঃ প্রার্থী যিকোনো শাখাৰ স্নাতক আৰু কম্পিউটাৰৰ ছমহীয়া পাঠ্যক্রমৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহা মাহে ১৫,০০০ টকা৷ সাক্ষাৎকাৰ ১০ ডিচেম্বৰ ২০১৯ তাৰিখে অনুষ্ঠিত হ’ব৷ ড্রাইভাৰঃ প্রার্থী দশম শ্রেণী উত্তীর্ণ আৰু যান–বাহন চলোৱাৰ বৈধ অনুজ্ঞা–পত্র থকা হ’ব লাগিব৷ দৰমহা মাহে ১২,০০০ টকা৷ সাক্ষাৎকাৰ ৯ ডিচেম্বৰ ২০১৯ তাৰিখে অনুষ্ঠিত হ’ব৷ পিয়নঃ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱাটো প্রয়োজনীয়৷ দৰমহা মাহে ৯,০০০ টকা৷ সাক্ষাৎকাৰ ১১ ডিচেম্বৰ ২০১৯ তাৰিখে অনুষ্ঠিত হ’ব৷ চকীদাৰঃ প্রার্থী অষ্টম শ্রেণী উত্তীর্ণ হোৱাটো প্রয়োজনীয়৷ দৰমহা মাহে ৯,০০০ টকা৷ সাক্ষাৎকাৰ ১১ ডিচেম্বৰ ২০১৯ তাৰিখে অনুষ্ঠিত হ’ব৷ শেষত ক্লীনাৰ পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ ৯,০০০ টকা৷ সাক্ষাৎকাৰ ১১ ডিচেম্বৰ ২০১৯ তাৰিখে অনুষ্ঠিত হ’ব৷ আগ্রহীসকলে সাক্ষাৎকাৰৰ দিনা যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিসহ শেহতীয়া বায়োডাটা আৰু ২ কপী পাৰপত্র আকাৰৰ ফটো আনিব লাগিব৷ সাক্ষাৎকাৰ দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ স্থান Office of VC, Majuli University of Culture৷