শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমিতিত চাকৰি

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ অধীনত পৰিচালিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমিতি(Srimanta Sankaradeva Kalakshetra Society)ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমিতিৰ সচিবে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Planning & Development Adisor পদৰ প্রার্থী অৱসৰপ্রাপ্তGovt. ACS Officer (Retd.) হ’ব লাগিব৷ বয়স সর্বোচ্চ ৬৫ বছৰ৷Project Planning & Management, Planning & Development (Govt. of Assam/Govt. of India), Office Procedure, Administrative Workৰ জ্ঞান থকা হ’ব লাগিব৷

আনহাতে,Financial Advisor পদৰ প্রার্থীGovt. AFS Officer (Retd.) হ’ব লাগিব৷ বয়স সর্বোচ্চ ৬৫ বছৰ৷Budget Matter, Procurement Rule, DFP Rule, Account আৰুFinancial Rules & Regulationsৰ জ্ঞান থকা হ’ব লাগিব৷ নিযুক্তিপ্রাপ্তই মাহে ৩৫,০০০ টকা লাভ কৰিব৷ আগ্রহীসকলে যথাসম্ভৱ শীঘ্রে নিজৰ শেহতীয়া বায়’ডাটাসহ আবেদন To, The Secretary Srimanta Sankaradeva Kalakshetra Society, Panjabari, Guwahati-37 ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ জুলাই, ২০২২৷