সীমান্ত সুৰক্ষা বাহিনীত কনিষ্টবলৰ ১,৯৭০ পদ

সীমান্তৰ সুৰক্ষা বাহিনীৰ কনিষ্টবল–ট্রেডমেন্ ১,৭৬৩ পদ আৰু কনিষ্টবল–টেকনিকে ২০৭ খালী পদত প্রার্থী নিয়োগৰ প্রস্তুতি চলিছে৷ এই বিষয়ে সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্রধানে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ যিসকল প্রার্থীয়ে কনিষ্টবল–ট্রেডমেন্ পৰীক্ষা ২০১৯ আৰু কনিষ্টবল–টেকনিকে পৰীক্ষা ২০১৮ ৰিভিউ মেডিকেল পৰীক্ষাত অৱতীর্ণ হ’বৰ বাবে আবেদন কৰিছে৷ উক্ত ভর্তিৰ বাবে ট্রেডমেনৰ মেডিকেল পৰীক্ষা ১০–২৪ ফেব্রুৱাৰী আৰু টেকনিকেলৰ মেডিকেল পৰীক্ষা ১৫–২৬ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’ব৷ ৰিভিউ মেডিকেল পৰীক্ষাৰ স্থান/সূচীসহ যোগ্য প্রার্থীৰ তালিকা ৱেবছাইটৰhttps://bsf.gov.in হোমপেজত প্রকাশিত হ’ব৷

Comments (0)
Add Comment