স্বচ্ছ জল মিছনত ২৭৪ চাকৰি

আবেদন গ্রহণৰ অন্তিম দিন ২০ ফেব্রুৱাৰীলৈ বৃদ্ধি

স্বচ্ছ জল মিছনত খালী হৈছে ভিন্ন বর্গৰ ২৭৪টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ উক্ত পদসমূহ ৰাজ্যৰ বিভিন্ন জিলাত থকা শাখা কার্যালয়সমূহত পূৰণ কৰা হ’ব৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি জুনিয়ৰ এছিছটেণ্ট কাম এলডিএৰ ৬২টা পদ- প্রার্থী যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী আৰু কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৬,২০০ টকাৰ গ্রেড পে৷ কম্পিউটাৰ অপাৰেটৰ ১৮৩টা- প্রার্থী দ্বাদশ শ্রেণী উত্তীর্ণ অথবা ইয়াৰ সমপর্যায়ৰ পৰীক্ষাত উত্তীর্ণ হোৱা আৰু ইংৰাজী/অসমীয়া টাইপিঙৰ ডিপ্ল’মাধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১৪,০০০–৬০,৫০০ টকাসহ ৫,৬০০ টকাৰ গ্রেড পে৷ শেষত গ্রেড ৪–পিয়ন/ড্রাইভাৰ ২৯টা- প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ১২,০০০–৩৭,৫০০ টকাসহ ৩,৯০০ টকাৰ গ্রেড পে৷ বয়স ৯ জানুৱাৰী ২০২০লৈ ১৮–৪৩ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ আবেদন মাচুল হিচাপে অসংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৩৫০ টকা আৰু সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ২০০ টকা পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিতং তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://sjmp.co.in/regnpart1 লগ–ইন কৰিব পাৰে৷ আবেদন গ্রহণৰ অন্তিম দিন পূর্বে প্রকাশিত বিজ্ঞাপনৰ ৩০ জানুৱাৰীৰ পৰিৱর্তে ২০ ফেব্রুৱাৰী৷

Comments (0)
Add Comment