হিন্দু কলেজত অধ্যাপকৰ ৫১ পদ খালী

৩০ ডিচেম্বৰৰ ভিতৰত আবেদন আহ্বান

দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ হিন্দু কলেজৰ বহুকেইটা বিভাগত খালী হৈছে সহকাৰী অধ্যাপকৰ পদ৷ অধ্যক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ব’টানী (৩), কেমেষ্ট্রী (৫), কমার্চ (২), ইক’নমিক্স (১), ইংলিছ (৫), এনভাইৰনমেণ্টেল ছায়েন্স (১), হিন্দী (৩), হিষ্ট্রী (৫), মেথেমেটিক্স (৪), ফিলছফী (২), ফিজিক্স (৮), পলিটিকেল ছায়েন্স (২), সংস্কৃত (২), ছ’চি’লজী (১), ষ্টেটিছটিকচ (৩) আৰু জুল’জী (৪)৷ প্রার্থী গড়ে ৫৫ শতাংশ নম্বৰেৰে সংশ্লিষ্ট বিষয়ত স্নাতকোত্তৰ হোৱাৰ উপৰি নেট উত্তীর্ণ নাইবা পিএইচডি ডিগ্রীধাৰী হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৫৭,৭০০ টকা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, মাচুল পৰিশোধ প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.hinducollege.ac.in & www.du.ac.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ ডিচেম্বৰ, ২০১৯৷

Comments (0)
Add Comment