ৰাষ্ট্রীয় অনুসন্ধান সংস্থাত ৭৯টা পদৰ বিজ্ঞাপন

কেন্দ্রীয় চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনস্থ নেচনেল ইনভেষ্টিগেচন এজেঞ্চী (এনআইএ) অর্থাৎ ৰাষ্ট্রীয় অনুসন্ধান সংস্থাত খালী হৈছে ৭৯টা পদ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় প্রশাসনিক বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ খালী পদসমূহৰ ভিতৰত আছে– এছিছটেণ্ট ছাব ইন্সপেক্টৰ ১৩টা, হেড কনিষ্টবল ১১টা আৰু কনিষ্টবলৰ ৫৫টা পদ৷ দৰমহাৰ নিৰিখ উল্লিখিত পদ অনুযায়ী ক্রমে মাহে ২৯,২০০–৯২,৩০০ টকা, ২৫,৫০০–৮১,৭০০ টকা আৰু ২১,৭০০–৬৯,১০০ টকা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, কর্ম অভিজ্ঞতা, বয়স, শ্রেণী, নিযুক্তি প্রক্রিয়াকে ধৰি আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.nia.gov.in/recruitment-notice.htm লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১১ ডিচেম্বৰ ২০১৯৷