ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত ১৭ পদ

আবেদন গ্ৰহণৰ অন্তিম দিন ২০ জানুৱাৰী

দেশৰ আর্থিক নীতি আৰু মুদ্রা মজুত নিয়ন্ত্রণকাৰী বিত্তীয় প্রতিষ্ঠান ৰিজার্ভ বেংক অৱ ইণ্ডিয়াত মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি নিযুক্তি বিভাগৰ বিষয়াই এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– লীগেল অফিচাৰ–গ্রেড বি (১), মেনেজাৰ–টেকনিকেল/চিভিল (২), এছিছটেণ্ট মেনেজাৰ–ৰাজভাষা (৮), এছিছটেণ্ট মেনেজাৰ–প্রট’কল এণ্ড ছিকিউৰিটী (৫) আৰু লাইব্রেৰী প্রফেছনেল্ছ–এছিছট লাইব্রেৰিয়ান (১)৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, নিযুক্তি প্রক্রিয়াকে ধৰি অনলাইনযোগে আবেদন দাখিলৰ বাবে ৱেবছাইট www.rbi.org.in ভিজিট কৰিব পাৰে৷ আবেদন গ্রহণৰ প্রক্রিয়া অহা ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷ এই প্রক্রিয়া ২০ জানুৱাৰী ২০২০লৈ অব্যাহত থাকিব৷

Comments (0)
Add Comment