অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্রদেশৰ বিভিন্ন Civil আৰু Criminal Case সমাধানৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা গুৱাহাটী উচচ ন্যায়ালয় (The Gauhati High Court)ত খালী হৈছে Senior Developerৰ ২ পদ আৰু Technical Assistantৰ ২ পদ৷ Practicing Advocateৰ পৰা আবেদন আহ্বান কৰি Gauhati High Court, Guwahatiৰ Recruitment Cellৰ Registrar (Vigilance)-cum-In-Charge–এ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি Senior Developer পদৰ প্রার্থী Computer Science/Electronics/IT বিষয়ত B.Tech./B.E./M.Sc./MCA ডিগ্রীধাৰী হোৱাৰ লগতে Software Development (PHP+PostgreSQL/MySQL) বিভাগত ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ৪৬,৯৭২ টকা লাভ কৰিব৷Technical Assistant পদৰ প্রার্থীComputer Science/Electronics/IT বিষয়তB.E./B.Tech./M.Sc. ডিগ্রীধাৰী হোৱাৰ লগতেSenior Administration/LAN/DBA/Technical Troubleshooting & Support (Hardware) বিভাগত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ২৬,৩৫৩ টকা লাভ কৰিব৷ বয়স ৩০ জুন, ২০২২লৈ সর্বোচ্চ ১৮–৪০ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷
আবেদন মাচুল হিচাপে এছ চি আৰু এছ টি শ্রেণীৰ প্রার্থীয়ে ১৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৩০০ টকা অনলাইন মাধ্যমেৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷ অৱশ্যে এই মাচুল দিব্যাংগ (Locomotor Disability) শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ Gauhati High Court ৰ ৱেবছাইট www.ghconline.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ জুন, ২০২২৷