অসম শক্তি উৎপাদন নিগম লিমিটেডত ৩০ চাকৰি

অসম লোকসেৱা আয়োগে (Assam Public Service Commission) অসম শক্তি উৎপাদন নিগম লিমিটেড(Assam Power Generation Corporation Limited)ৰ হৈ Junior Manager-Electrical (10), Junior Manager-Mechanical (10), Junior Manager-IT (5), Junior Manager-Instrumentation (5) ৩০ পদৰ এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Junior Manager-Electricalৰ মুঠ পদ ১০টাৰ ভিতৰত অসংৰক্ষিত ৭, অ’বিচি/এম’বিচিৰ ২ আৰু এছচিৰ ১ পদ সংৰক্ষিত থাকিব৷Junior Manager-Mechanicalৰ মুঠ পদ ১০টাৰ ভিতৰত অসংৰক্ষিত ৭, অ’বিচি/এম’বিচিৰ ২ আৰু এছচিৰ ১ পদ সংৰক্ষিত থাকিব৷Junior Manager-ITৰ মুঠ পদ ৫টাৰ ভিতৰত অসংৰক্ষিত ৩, অ’বিচি/এম’বিচিৰ ১ আৰু এছচিৰ ১ পদ সংৰক্ষিত থাকিব৷Junior Manager-Instrumentationৰ মুঠ পদ ৫টাৰ ভিতৰত অসংৰক্ষিত ৩, অ’বিচি/এম’বিচিৰ ১ আৰু এছচিৰ ১ পদ সংৰক্ষিত থাকিব Junior Manager পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ২৫,০০০–৯২,০০০ টকাসহ ১২,১০০ টকাৰ গ্রেড পে’ লাভ কৰিব৷ বয়স ১ জানুৱাৰী, ২০২৩লৈ ২১–৩৮ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷Junior Manager পদৰ প্রার্থীGovt./Govt. Recognized/All India Council for Technical Education (AICTE)ৰ দ্বাৰা স্বীকৃতিপ্রাপ্তPolytechnical/Institutionৰ পৰ Engineering তিনি বছৰীয়া ডিপ্ল’মাধাৰী হোৱাৰ লগতে দশম শ্রেণী নাইবা ইয়াৰ সমপর্যায়ৰ উত্তীর্ণ হোৱা অথবাGovt./Govt. Recognized/All India Council for Technical Education (AICTE)ৰ দ্বাৰা স্বীকৃতিপ্রাপ্তInstitutionৰ পৰাEngineeringৰ দুবছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷Junior Manager-Electrical পদৰ প্রার্থীElectrical Engineering/Electrical & Electronics Engineeringৰ ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷Junior Manager-Mechanical পদৰ প্রার্থীMechanical Engineeringৰ তিনি বছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷Junior Manager-IT পদৰ প্রার্থীComputer Science & Engineering/Information Technology/Computer Technologyৰ তিনি বছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷Junior Manager-Instrumentation পদৰ প্রার্থীInstrumentation Engineeringৰ তিনি বছৰীয়া ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈAPSCৰ ৱেবছাইটwww.apsc.nic.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৪ জুন, ২০২৩৷

Featured