HIL India লিমিটেডত ৬ পদ

আবেদন গ্ৰহণৰ অন্তিম দিন ২৮ ডিচেম্বৰ

Hindustan Insecticides Ltd.ত আৱশ্যক হৈছে বিষয়া আৰু ইঞ্জিনীয়াৰৰ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি মানৱ সম্পদ আৰু প্রশাসনিক বিভাগৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ইঞ্জিনীয়াৰ–ইলেক্ট্রিক ১টা, ইঞ্জিনীয়াৰ–আইটি ১টা, হিন্দী অফিচাৰ ১টা, অফিচাৰ–কমার্চিয়েল ১টা আৰু অফিচাৰ–একাউণ্টছ ২টা৷ প্রার্থী ইলেক্ট্রিকেল ইঞ্জিনীয়াৰিং, বিটেক, বিই, এমবিএ, চিএ/আইচিডব্লিউএ উত্তীর্ণ হোৱা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৩২ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ প্রাৰম্ভিক পর্যায়ত প্রার্থী এবছৰীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী পর্যায়ত সময়সীমা বঢ়াৰ সম্ভাৱনা আছে৷ দৰমহাৰ নিৰিখ মাহে ১৬,৪০০–৪০,৫০০ টকা৷ ইচ্ছুকসকলে নিযুক্তি সম্পর্কীয় বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww.hil.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ ডিচেম্বৰ ২০১৯৷

Comments (0)
Add Comment