ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকত ৫৯ পদ খালী

ভাৰত চৰকাৰৰ ডাক বিভাগৰ অধীনত পৰিচালিত ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক(India Post Payments Bank)ত খালী হৈছে ৫৯ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বেংক কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰিExecutiveৰ ৫৯ পদ পূৰণ হ’বলগীয়া ৰাজ্যসমূহ হৈছেAssam (16), Arunachal Pradesh (10), Manipur (9), Meghalaya (8), Mizoram (5), Nagaland (9), Tripura (2)৷ আবেদনকাৰী ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্তUniversity/Institution/Boardৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেGDS হিচাপে ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ১৫ ফেব্রুৱাৰী, ২০২৩লৈ ২০–৩৫ বছৰ৷ বয়সৰ ঊর্ধ্বসীমাত সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ মাহে ৩০,০০০ টকা লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটhttps://www.ippbonline.com লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১ মার্চ, ২০২৩৷