ইণ্টেলিজেন্স ব্যুৰ’ত ১৫০ পদ মুকলি

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনত পৰিচালিত এক আগশাৰীৰInternal Security Agency ইণ্টেলিজেন্স ব্যুৰ’(Intelligence Bureau) চমুকৈ আইবি(IB) অর্থাৎ চোৰাংচোৱা বিভাগত খালী হৈছে ১৫০ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি আইবি কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Assistant Central Intelligence Officer Grade-II/Technicalৰ ১৫০ পদৰ ভিতৰত ৫৬ পদComputer Science & Information Technology বিভাগত আৰু ৯৪ পদElectronics & Communication বিভাগত পূৰণ কৰা হ’ব৷ দুয়োটা পদৰ প্রার্থীComputer Science & Information Technology আৰুElectronics & Communication বিষয়তGATE 2020/GATE 2021/GATE 2022 উত্তীর্ণ হোৱাটো বাঞ্ছনীয়৷ চৰকাৰী স্বীকৃতিপ্রাপ্তUniversity/College/Instituteৰ পৰাElectronics/Electronics & Telecommunication/Electronics & Communication/Electrical & Electronics/Information Technology/Computer Science/Computer Engineering/Computer Science & Engineering বিষয়তB.E./B.Tech. ডিগ্রীধাৰী নাইবা চৰকাৰী স্বীকৃতিপ্রাপ্ত University/College/Instituteৰ পৰা Science (Electronics)/Physics (Electronics)/Electronics & Communication/Computer Science আৰুComputer Applications বিষয়ত স্নাতকোত্তৰ হোৱা হ’ব লাগিব৷ বয়স ১৮–২৭ বছৰ৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে চৰকাৰী বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ মাহে ৪৪,৯০০–১,৪২,৪০০ টকা৷

পৰীক্ষা মাচুল হিচাপে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ পুৰুষ প্রার্থীয়ে ১০০ টকা আইবিৰ হকে অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব লাগিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটhttps://www.mha.gov.in লগ–ইন কৰিব পাৰিব৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৭ মে’, ২০২২৷