ৰাষ্ট্রীয় ক্রীড়া বিশ্ববিদ্যালয়ত চাকৰিৰ জাননী

ভাৰত চৰকাৰৰ যুৱ পৰিক্রমা আৰু ক্রীড়া মন্ত্রালয়ৰ অধীনস্থ মণিপুৰৰ ইম্ফলস্থিত এখন আগশাৰীৰ কেন্দ্রীয় শিক্ষানুষ্ঠান ৰাষ্ট্রীয় ক্রীড়া বিশ্ববিদ্যালয়ত(National Sports University) মুকলি হৈছে চাকৰি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Professorৰ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে –(1) Physical Education, (2) Sports Coaching– Athletics, Badminton, Swimming, Archery, Boxing, Football, Weightlifing, Shooting, (3) Sports Phychology, (4) Sports Physiology, (5) Soprts Science – Nutrition, Boimechanics/Kineseology, Sports Medicine৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ ৰাষ্ট্রীয় ক্রীড়া বিশ্ববিদ্যালয়ৰ ৱেবছাইটwww.nsu.ac.in লগ–ইন কৰিব পাৰিব৷

আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ ডিচেম্বৰ, ২০২০৷ বিজ্ঞাপন আৰু আবেদন সম্পর্কীয় তথ্যপাতিৰ বাবেregistrar@gmail.com ই–মেইলত যোগাযোগ কৰিব পাৰিব৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন recruitment@gmail.com ই–মেইলযোগে প্রেৰণ কৰিব লাগিব৷