খাদী–গ্রামোদ্যোগ আয়োগৰ ৩৪ চাকৰি, অন্তিম তাৰিখ ১৫ ডিচেম্বৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ভাৰত চৰকাৰৰ ক্ষুদ্রতম, ক্ষুদ্র আৰু মজলীয়া মন্ত্রালয়ৰ অধীনস্থ খাদী আৰু গ্রামোদ্যোগ আয়োগত(Khadi & Village Industries Commission) খালী হৈছে ১৬ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Directorৰ (১৮) আৰুDeputy Directorৰ (১৬) পদত অচিৰেই যোগ্য প্রার্থী নিয়োগ কৰা হ’ব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ খাদী–গ্রামোদ্যোগ আয়োগৰ ৱেবছাইটwww.kvic.org.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ, ২০২০৷