এছবিআইৰ ১,৬৭৩ পদত চাকৰিঃ ১২ অক্টোবৰৰ ভিতৰত কৰক আবেদন

দেশৰ বৃহত্তম বিত্তীয় প্রতিষ্ঠান ষ্টেট বেংক অৱ ইণ্ডিয়া(State Bank of India) চমুকৈ এছবিআইত খালী হৈছে Probationary Officerৰ ১,৬৭৩টা পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি SBIৰGeneral Manager–এ এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি,Probationary Officerৰ ১,৬৭৩টা পদ পূৰণ হ’বলগীয়া বিভাগ দুটা হৈছেRegular (1600), Backlog (73)৷Probationary OfficerৰRegularৰ ১,৬০০টা পদৰ ভিতৰত অসংৰক্ষিত ৬৪৮টা, অ’বিচিৰ ৪৩২টা, এছচিৰ ২৪০টা, এছটিৰ ১২০টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১৬০টা পদ সংৰক্ষিত থাকিব৷

আনহাতে,Probationary OfficerৰBacklogৰ ৭৩টা পদৰ ভিতৰত অ’বিচিৰ ৩২টা, এছচিৰ ৩০টা আৰু এছটিৰ ১১টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰী চৰকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ বয়স ১ এপ্রিল, ২০২২লৈ ২১–৩০ বছৰ৷ অর্থাৎ প্রার্থীৰ জন্ম ১ এপ্রিল, ২০০১ৰ পিছত আৰু ২ এপ্রিল, ১৯৯৯ৰ আগত হোৱা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ৩৬,০০০–১৪,৯০০/৭–৪৬, ৪৩০–১,৭৪০/২–৪৯, ৯১০–১,৯৯০/৭–৬৩,৮৪০ টকা৷

আগ্রহীসকলে পদৰ বাবে থাকিবলগীয়া অর্হতা–ভিজ্ঞতা, অন্যান্য চর্তাৱলীকে ধৰি বিজ্ঞাপনবিষয়ক সবিশেষ তথ্যৰ লগতে আবেদন দাখিল কৰিবলৈ এছবিআইৰ ৱেবছাইট https://bank.sbi/web/careers আৰ https://www.sbi.co.in/web/careers লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ অক্টোবৰ, ২০২২৷