৩১ মাৰ্চলৈ মেঘালয়ৰ পৰ্যটন স্থানসমূহ বন্ধৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ভয়াৱহ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে মেঘালয় চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্তৰ তৰফৰ পৰা এক নিৰ্দেশযোগে ৰাজ্যখনৰ সকলো পৰ্যটন স্থানসমূহত ৩১ মাৰ্চলৈকে প্ৰৱেশ নিষিদ্ধ কৰিছে ।

ইপিনে এই নিৰ্দেশনা ১৫ এপ্ৰিললৈকে কাৰ্যকৰী হোৱাৰো সম্পূৰ্ণ সম্ভাৱনা আছে ।

ইফালে মেঘালয়ৰ তথ্য আৰু জনসংযোগ বিভাগে সকলো পৰ্যটককে তেওঁলোকৰ পূৰ্বে নিৰ্ধাৰিত সূচীসমূহ সলনি কৰি এই নিৰ্দেশ পালন কৰিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য যে বাৰ কাউন্সিল অৱ ইণ্ডিয়াৰ নিৰ্দেশমৰ্মে অসম, নাগালেণ্ড, মিজোৰাম, ছিকিম, অৰুণাচনপ্ৰদেশৰ বাৰ কাউন্সিলৰ কাৰ্যালয় আজিৰে পৰা ৩১ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছে ।

Featured
Comments (0)
Add Comment