অৰুণাচলৰ প্রাক্তন মুখ্যমন্ত্রী কালিখো পুলৰ পুত্রৰ লণ্ডনৰ ফ্লেটত আত্মহত্যা

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ পিতৃৰ পথকেই বাছি ল’লে পুত্ৰই । ব্ৰিটেইনত এক ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ মৃতদেহ । অৰুণাচলৰ প্ৰয়াত মুখ্যমন্ত্ৰী কালিখো পুলৰ পুত্ৰ শ্বুবানছ’ পুলৰ মৃতদেহ উদ্ধাৰ হয় ছাছেক্সৰ ব্রিজটনৰ এটা এপার্টমেণ্টত৷ তেওঁ আত্মহত্যা কৰা বুলি ব্রিটেইনৰ আৰক্ষীৰ সূত্রত প্রকাশ৷

উল্লেখ্য যে কালিখো পুলেও ২০১৬ চনৰ আগষ্ট মাহত অৰুণাচলৰ বুংলাওত আত্মহত্যা কৰিছিল৷ শ্বুবানছ’ পুল আছিল প্রয়াত মুখ্যমন্ত্রী কালিখো পুলৰ প্রথমগৰাকী পত্নী ডাংউইমছাই পুলৰ পুত্র৷ শ্বুবানছ’ৰ আত্মহত্যাৰ বাতৰি লাভ কৰাৰ পিছতে পৰিয়াল আৰু শুভাকাংক্ষীসকলে লণ্ডনস্থিত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ কৰে, যাতে তেওঁৰ মৃতদেহ গৃহ চহৰলৈ সোনকালে ঘূৰাই আনিব পাৰি৷

উল্লেখ্য যে শ্বুবানছ’ পুলৰ পিতৃ তথা অৰুণাচলৰ প্রাক্তন মুখ্যমন্ত্রী কালিখো পুল আছিল এজন কংগ্রেছৰ নেতা৷ তেওঁ কম সময়ৰ বাবে ২০১৬ চনত অৰুণাচলৰ ভাৰপ্রাপ্ত মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিছিল৷ তেওঁ ৰাজ্যখনৰ হায়োলিয়াং সমষ্টিৰ পৰা পাঁচবাৰকৈ বিধানসভালৈ নির্বাচিত হৈছিল৷ কেইবামাহো ধৰি অৰুণাচলত চলা ৰাজনৈতিক অচলাৱস্থাৰ পিছত কালিখো পুলে ২০১৬ চনৰ ১৯ ফেব্রুৱাৰীত শাসনৰ বাঘজৰী হাতত লৈছিল৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ পিছত ২০১৬ চনৰে জুলাই মাহত তেওঁ মুখ্যমন্ত্রিত্বৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল৷ ইয়াৰ এমাহৰ পিছতে মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল কালিখো পুলৰ মৃতদেহ৷ এক ছুইচাইড নোটত কালিখো পুলে ন্যায়পালিকা আৰু ৰাজনীতিবিদৰ অন্যায়ৰ বাবেই আত্মহত্যাৰ পথ বাছি লোৱা বুলি উল্লেখ কৰিছিল৷ অৱশ্যে উচ্চ ন্যায়ালয়ে এই অভিযোগ খাৰিজ কৰিছিল৷ সেই সময়ত কালিখো পুলৰ আত্মহত্যাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ পিতৃৰ পথকেই অনুসৰণ কৰি এইবাৰ পুত্র শ্বুবানছ’ পুলে ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই অৰুণাচলত এতিয়া তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

Comments (0)
Add Comment